শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনাৰ বুজ ল'বলৈ নিমাতিত উপস্থিত হৈ প্ৰায় ৩৬ গৰাকী লোকক গামোছা পিন্ধাই হাতযোৰ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।
শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনাৰ বুজ ল'বলৈ নিমাতিত উপস্থিত হৈ প্ৰায় ৩৬ গৰাকী লোকক গামোছা পিন্ধাই হাতযোৰ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।
'হিয়া ভাঙি যোৱা মৰণকাতৰ চিঞৰবোৰ শুনি আমি ৰ'ব নোৱাৰিলো। যি যেনেকৈ পাৰে ঢপলিয়াই গ'লো দুৰ্ঘটনাত পতিত হোৱা নাওখনৰ ফালে। ভৰা লুইতত দুই এজনে যাত্ৰীসকলক বচাবলৈ জাপ দিলে। কলেজৰ বাইদেউজনীক বচাবলৈ আপ্ৰাণ চেষ্টা কৰিছিলো। কিন্তু নিশালৈ দু:খবৰটো পাই বুকুখন বিষাই গৈছিল। ভগৱানৰ কৃপাত ৮৭ জন লোকক উদ্ধাৰ কৰিব পাৰিলো।'- নিজৰ জীৱনকো তুচ্ছ কৰি ব্ৰহ্মপুত্ৰৰ পানীত ডুব যোৱা যাত্ৰীক উদ্ধাৰ কৰা পুতুল দাস, পদ্ম দাস,কণভাইটি, কৃষ্ণ, ভাইটি,ৰাতুলহতৰ ভাষ্য এয়া।
বুধবাৰে ঐতিহাসিক নিমাতী ফেৰীঘাটত সংঘটিত হোৱা ভয়ংকৰ নাও দুৰ্ঘটনাৰ উদ্বিগ্নতা আজিও মাৰ যোৱা নাই। বুধবাৰে বিয়লি ভাগত নিমাতী কমলাবাৰী ঘাটৰ পৰা মাজুলী অভিমুখে ৰাওনা হৈছিল ফেৰীখন। লংগৰ তুলি ফেৰীখনে প্ৰায় ৮০ মিটাৰ অতিক্ৰম কৰাৰ সময়তে ঘটিছিল সেই অবাঞ্চিত ঘটনাটো। নিমাতি ঘাটলৈ বুলি আহি থকা ফেৰীখনৰ সৈতে মাজুলীলৈ বুলি ৰাওনা হোৱা মা-কমলাৰ মাজত মুখামুখীৰ সংঘৰ্ষ হৈছিল। আৰু তাৰ পিছৰ পৰিস্থিতি অসহনীয়! শুনিবলৈ পোৱা গৈছিল কেৱল মৰণকাতৰ চিঞৰ! ঘটনাত মৃত্যু হয় ৰঙাচাহি কলেজৰ প্ৰৱক্তা পৰিমিতা দাসৰ। বৰ্তমানো ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন দুগৰাকী লোক।
সকলোৰে হৃদয়ত খুন্দা মৰা মৰ্মান্তিক ঘটনা সংঘটিত হোৱাৰ লগে লগেই কোনো আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনে এইসকল স্থানীয় লোকে উদ্ধাৰ কৰিছিল অধিকাংশ লোকক।একপ্ৰকাৰ এইসকল লোক সেইসময়ছোৱাত যাত্ৰীসকলৰ বাবে হৈ পৰিছিল ভগৱানৰ দৰে। NEWS18 ৰ কেমেৰাৰ সন্মুখত পুতুল দাস নামৰ ব্যক্তিজনে কলে - 'লুইতৰ হাৱা-পানী খাই জীৱনৰ এচোৱা গ'ল।কিন্তু এনে ঘটনা দেখা নাছিলো। আজিও মোৰ মনত সেই চিঞৰবোৰ ভাঁহি আছে।মই বাইদেউগৰাকী নাই বুলি মানি ল'বই পৰা নাই। বৰ চেষ্টা কৰিছিলো।'
উল্লেখ্য যে মানৱীয় প্ৰমুল্যৰে মন ভৰি থকা, খুটি খাই জীৱন কটোৱা এইসকল লোকক এতিয়া সকলোৱে কৃতজ্ঞতা জনাইছে। শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনাৰ বুজ ল'বলৈ নিমাতিত উপস্থিত হৈ প্ৰায় ৩৬ গৰাকী লোকক গামোছা পিন্ধাই হাতযোৰ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|