মুখ্যপৃষ্ঠা »খবৰ »অসম »মাঘ বিহুৰ পুৱাই গুৱাহাটীৰ বাসগৃহত ভোগালীৰ পৰম্পৰা পালনেৰে মেজি প্ৰজ্বলন কৰি সমাজৰ সৰ্বত্ৰ মংগল কামনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

মাঘ বিহুৰ পুৱাই গুৱাহাটীৰ বাসগৃহত ভোগালীৰ পৰম্পৰা পালনেৰে মেজি প্ৰজ্বলন কৰি সমাজৰ সৰ্বত্ৰ মংগল কামনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

সমূহীয়াভাৱে থলুৱা জলপান খোৱাৰ আমেজ লৈ এই পৱিত্ৰ ক্ষণত সকলোকে মাঘ বিহুৰ আন্তৰিক ওলগ জনালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

সমূহীয়াভাৱে থলুৱা জলপান খোৱাৰ আমেজ লৈ এই পৱিত্ৰ ক্ষণত সকলোকে মাঘ বিহুৰ আন্তৰিক ওলগ জনালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

  • Share this:
আজি অসমীয়া জাতিৰ প্ৰাণশক্তিস্বৰূপ মাঘ বিহু তথা ভোগালী বিহু। এই বিহুৰ পুৱা গুৱাহাটীৰ বাসগৃহত ভোগালীৰ পৰম্পৰা পালন কৰি মেজি প্ৰজ্বলন কৰি সমাজৰ সৰ্বত্ৰ মংগল কামনাৰে অগ্নিদেৱতাৰ প্ৰতি সভক্তিৰে সেৱা জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইয়াৰ পিছতেই সাংবাদিকসকলৰ লগতে সতীৰ্থসকল আৰু উপস্থিত সুধীবৃন্দৰ সৈতে একেলগে ভোগালীৰ জলপান গ্ৰহণ কৰে। সমূহীয়াভাৱে থলুৱা জলপান খোৱাৰ আমেজ লৈ এই পৱিত্ৰ ক্ষণত সকলোকে মাঘ বিহুৰ আন্তৰিক ওলগ জনালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

ভাৰতবর্ষৰ খেতিয়ক ৰাইজলৈ এই শুভক্ষণত আন্তৰিক শুভেচ্ছা জনাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেওঁ কয় যে, মাঘ বিহুৰ এই উৎসৱটো পোনপটীয়াকৈ খেতিৰ লগত জড়িত।  লগতে কয়, "প্ৰকৃতি আৰু মাটিৰ সম্পৰ্ক আমাৰ নতুন প্ৰজন্মই জীয়াই ৰাখিব লাগিব।"

মাঘ বিহুৰ পুৱা মেজি জ্বলাই আবেগিক হৈ পৰিল সৰ্বানন্দ সোনোৱাল। তেওঁ কয় , "আমি পথাৰতে ভেলাঘৰ সাজি কেইবানিশাও কটাও। কাষৰ মানুহৰ ঘৰৰ আলু কচু নোসোধাকৈ আনি খাইছিলোঁ।"

কেন্দ্ৰীয় মন্ত্ৰীজনে গংগা বিলাসৰ কথা উল্লেখ কৰি কয়, ‘‘গংগা বিলাস আমাৰ বাবে সুবৰ্ণ সুযোগ। গংগা আৰু ব্ৰহ্মপুত্ৰৰ যি সংযোগ সম্ভৱ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ।’’

ভাৰতবৰ্ষত ২০১৪ চনলৈ কেৱল পাঁচটা জলপথহে আছিল আৰু বৰ্তমান ইয়াৰ সংখ্যা ১০৮ টালৈ বৃদ্ধি পাইছে বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে।

তেওঁ কয়, ‘‘এই ব্যৱস্থাই নদীপৰীয়া ৰাইজক উপকৃত কৰিব। জলপথেৰে যাতায়াত কৰিলে খৰছ কমে। লগতে এই যাত্ৰা প্ৰদূষণমুক্ত হয়। লগতে দুৰ্ঘটনাৰ ভয় নাথাকে। এই ব্যৱস্থাৰ জৰিয়তে উত্তৰ-পূৱৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ নেপাল, ভূটানো উপকৃত হ’ব।’’

ইয়াৰোপৰি প্ৰধানমন্ত্ৰীৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, ‘‘নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবর্ষৰ জনগণ যোৱা ৮ বছৰে উপকৃত হৈছে।  আঞ্চলিক, ৰাষ্ট্ৰীয় বা আন্তৰ্জাতিক পৰ্যায়ত নৰেন্দ্ৰ মোদীৰ নীতিয়ে উপকৃত কৰিছে। প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষ ৰাইজৰ বিশ্বাসভাজন, আদৰ্শবাদী আৰু মৰমৰ নেতা। তৃতীয়বাৰৰ বাবে মোদীয়েই হ'ব প্ৰধানমন্ত্ৰী, ইয়াত কোনো সন্দেহেই নাই।’’

শেহতীয়া বাতৰি