உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • GMC Election: গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    GMC Election: গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    গুৱাহাটীক ছুপাৰ চিটী কৰিব পাৰিব বিজেপিয়েহে- সৰ্বানন্দ সোণোৱাল 

    গুৱাহাটীক ছুপাৰ চিটী কৰিব পাৰিব বিজেপিয়েহে- সৰ্বানন্দ সোণোৱাল 

    গুৱাহাটীক ছুপাৰ চিটী কৰিব পাৰিব বিজেপিয়েহে- সৰ্বানন্দ সোণোৱাল 

    • Share this:
    তুংগত উঠিছে এতিয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ ৷ বিশেষকৈ শাসকীয় বিজেপি মিত্ৰজোঁটৰ সকলো নেতা-কাৰ্যকৰ্তা উঠিপৰি লাগিছে প্ৰচাৰত ৷ দেওবাৰে আনকি প্ৰচাৰ সভাত অংশ ল'লে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ প্ৰথমে পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খাৰঘুলি লালসিং হাইস্কুল খেলপথাৰত ৩২,৩৩,৩৪ আৰু ৩৫ নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী কেইগৰাকীৰ চলালে প্ৰচাৰ ৷

    দ্বিতীয়খন প্ৰচাৰ সভা নুনমাটিৰ শ্বহীদ নগৰত চলোৱাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৱাহাটীক স্মাৰ্ট, মেগা নহয় ছুপাৰ চিটীহে কৰাৰ লক্ষ্য বিজেপি (BJP)ৰ বুলি কৈ উপস্থিতসকলৰ পৰা বিচাৰিলে সহায়ৰ হাত ৷ তেওঁ কয়- ''গুৱাহাটীক ছুপাৰ  চিটী হিচাপে গঢ়ি তুলিব লাগিব ৷ দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এয়া সম্ভৱ ৷ প্ৰাকৃতিক আকৰ, মহাবাহু ব্ৰহ্মপুত্ৰ, মা কামাখ্যা,উমানন্দকে ধৰি সকলো আছে এইখন গুৱাহাটীত ৷ আনক ভোট দি এতিয়া আৰু লাভ নাই ৷ এতিয়া ৰাইজৰ সঁহাৰিৰে সম্ভাৱনাময় গুৱাহাটী (Guwahati) হৈ পৰিব ছুপাৰ চিটী৷ জলপথ,ৰে'লপথ,বায়ুপথ,স্থলপথৰ সংযোগেৰে গুৱাহাটী অনন্য হৈ পৰিব ৷ ৰাষ্ট্ৰীয় জলপথ ১,২,৩ বন্ধ কৰি ৰাখিছিল অকৰ্মণ্য কংগ্ৰেছে ৷ এতিয়া ষাঠি বছৰে নোহোৱা কাম কৰি মোদী ডাঙৰীয়াই গুৱাহাটী যে উত্তৰ-পূবৰ প্ৰাণকেন্দ্ৰ তাত এক ইতিবাচক খোজ দিলে।"

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma)  যুগলবন্দীৰে গুৱাহাটীয়ে নতুন মাত্ৰা লাভ কৰিব বুলি কৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়- "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে জনপ্ৰিয় নেতা ক'তো নাপায় ৷ চীন, জাপান, আমেৰিকা য'লৈকে নাযাওক এনে জনপ্ৰিয় নেতা ক'তো পোৱা নাযায় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিশ্বনেতা ৷"

    উল্লেখ্য যে নুনমাটি শালবাৰীৰ শ্বহীদ নগৰত ৫২, ৫৩, ৫৫, ৫৬, ৫৭, ৫৮ নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ  কৰিলে সৰ্বানন্দ সোণোৱালে ৷ দুয়ো ঠাইতে প্ৰাৰ্থীসকলক উপস্থিত ৰাইজক মাংগলিক উৰুলীৰে জয়ী হ'বৰ বাবে আশিস প্ৰদানৰ আহ্বানো জনোৱা দেখা গ'ল সৰ্বানন্দ সোণোৱালক (sarbananda sonowal) ৷ বিহুৰ প্ৰাকক্ষণত লালসিং খেলপথাৰত কণমানিসকলৰ সৈতেও বিহুৰ কথা পাতিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ অৱশ্যে, বতৰৰ বিঘিনিৰ বাবে বাতিল হ'ল সৰ্বানন্দ সোণোৱালৰ হাতীগাঁৱত আয়োজিত প্ৰচাৰ সভা ৷
    Published by:Gautam Barman
    First published: