গােৱাৰ পানাজীত অনুষ্ঠিত ইণ্ডিয়া ইণ্টাৰনেচনেল ছায়েন্স ফেষ্টিভেল, ২০২১ত শনিবাৰে উপস্থিত থাকে কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সােণােৱাল (Union Minister of Ports, Shipping & Waterways and Ayush Sarbananda Sonowal)। বিভিন্ন প্রান্তৰ সহস্রাধিক শিক্ষার্থীৰ কায়িক আৰু ভাৰ্চুৱেল অংশগ্রহণেৰে মুখৰিত হৈ পৰা এই সমাৰােহত বিজ্ঞান-প্রযুক্তিবিদ্যাৰ বিভিন্ন প্রদর্শন, কর্মশালা, আগশাৰীৰ গৱেষণা লেবৰ অংশগ্ৰহণৰ লগতে ঔদ্যোগিক এক্সপােৰ প্রদর্শন আদি বিভিন্ন কার্যসূচী আছিল ৷
বন্তি প্রজ্বলনেৰে মূল কাৰ্যসূচী আৰম্ভ হােৱাৰ পূৰ্বে ভাৰতৰ সদ্যপ্রয়াত প্ৰতিৰক্ষা প্রধান জেনেৰেল বিপিন ৰাৱাটৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি মৌন প্রার্থনা কৰে সভাত উপস্থিতসকলে ৷ আজিৰ অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালৰ লগতে উপস্থিত থাকে গােৱাৰ মুখ্যমন্ত্রী ড° প্রমােদ সাৱন্ত, কেন্দ্রীয় স্বতন্ত্র ৰাজ্যিক মন্ত্রী ডাঃ জিতেন্দ্র সিং, কেন্দ্রীয় ৰাজ্যিক মন্ত্রী শ্রীপদ ৱাই নায়ক, মধ্য প্রদেশৰ মন্ত্রী ওম প্রকাশ প্রমুখ্যে উচ্চপদস্থ বিষয়া, বিজ্ঞানী, অনুষ্ঠান-প্রতিষ্ঠানৰ মুৰব্বী আদি বিশিষ্ট ব্যক্তিসকল।
অনুষ্ঠানত (India International Science Festival) সম্বােধন কৰি সৰ্বানন্দ সােণােৱালে কয়- "পর্যটন ক্ষেত্ৰত গােৱাই ভাৰতৰ সুনাম বৃদ্ধি কৰিছে।বিজ্ঞান-প্রযুক্তিবিদ্যাৰ ক্ষেত্ৰতাে গােৱাই সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি আহিছে। প্রধানমন্ত্রী নৰেন্দ্র মােদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতৰ প্রগতিৰ সমান্তৰালভাৱে বিজ্ঞান-প্রযুক্তিবিদ্যাৰাে (Science and Technology) যথেষ্ট উত্তৰণ সম্ভৱ হৈছে। বিজ্ঞান-প্রযুক্তিবিদ্যাৰ মাজেৰে দেশৰ শক্তি-সম্ভাৱনাক পুংখানুপুংখভাৱে অন্বেষণ কৰি আমি সকলােৱে মিলি আমাৰ দেশখনক শক্তিশালী কৰিব লাগিব।"
তেওঁ পুনৰ কয়- "মােদী ডাঙৰীয়াৰ (Prime Minister Narendra Modi) আত্মনির্ভৰ ভাৰত নিৰ্মাণৰ সংকল্পই দেশৰ সর্বস্তৰৰ নাগৰিককে সংযুক্ত কৰিছে। দেশজুৰি ৰূপায়িত হােৱা ক'ভিড-১৯ৰ সফল টিকাকৰণ আত্মনিৰ্ভৰ ভাৰতৰে এক সফল ৰূপৰেখা। এয়া বিজ্ঞানৰ জয়, আমাৰ বিজ্ঞানীসকলৰ জয় আৰু সামগ্রিকভাৱে মানৱীয় প্রমূল্যবােধৰ জয়।"
তদুপৰি দেশৰ সকলাে প্ৰান্তৰ শিক্ষার্থীসকলক সংযুক্ত কৰি বিজ্ঞান-প্রযুক্তিবিদ্যাৰ প্ৰসাৰৰ ক্ষেত্ৰত লােৱা সবল ভূমিকাৰ বাবে জিতেন্দ্র সিঙক সােণােৱালে বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰে। লগতে সবল ভূমিকাৰে গােৱাৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ বাবে মুখ্যমন্ত্রী প্রমােদ সাৱন্তৰাে তেওঁ শলাগ লয়।
সােণােৱালে ভাষণ প্রসংগত লগতে কয় যে "ভাৰতৰপৰম্পৰাগত আয়ুষ পদ্ধতিৰ বিশ্বজুৰি সমাদৰ বৃদ্ধি পাইছে। বিজ্ঞানীসকলেও ইয়াৰ গ্রহণযােগ্যতা সন্দৰ্ভত বিভিন্ন ফলপ্রসূ গৱেষণা কৰিছে। আমাৰ পৰম্পৰাগত চিকিৎসা প্রণালীৰ মাজত যে বিজ্ঞান জড়িত হৈ আছে, সেয়া যুগে যুগে প্রমাণিত হৈ আহিছে।''
ভাৰতৰ বিভিন্ন আয়ুষ প্রডাক্টে এতিয়া বিশ্বৰ ১৮.১ বিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। বুলি উল্লেখ কৰি কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী হিচাপে সােণােৱালে কয়- "সাগৰৰ বুকুত থকা বিভিন্ন শক্তি-সম্ভাৱনাক অবিৰতভাৱে আৱিষ্কাৰ কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে বিজ্ঞান-প্রযুক্তিবিদ্যাৰ সুপ্ৰয়ােগ কৰাত বিশেষকৈ অগ্রাধিকাৰ হৈছে। অৱশ্যে বিজ্ঞানৰ উন্নয়নৰ সমান্তৰালভাৱে আমি এখন প্ৰদূষণমুক্ত ভাৰত গঢ়াতাে মনােনিৱেশ কৰিব লাগিব।"
কেন্দ্রীয় মন্ত্রীগৰাকীয়ে আজি সমাৰােহৰ বিভিন্ন বিপণী পৰিদৰ্শন কৰাৰ উপৰি আয়ুষ মন্ত্ৰালয়ৰ বিপণীও পৰিদৰ্শন কৰে আৰু স্কুলীয়া ছাত্র-ছাত্রীসকলৰ লগত মত বিনিময় কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|