অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অৰুণাচল, দিল্লী, মেঘালয়, প্ৰয়াগৰাজ হাৰিয়ানা, উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ পৰাও আহিছে ভক্ত।
অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অৰুণাচল, দিল্লী, মেঘালয়, প্ৰয়াগৰাজ হাৰিয়ানা, উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ পৰাও আহিছে ভক্ত।
উদুলি মুদুলি হৈ পৰিছে বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰম (krishnaguru sewashram)। বিশ্বশান্তিৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমত চলি আছে অখণ্ড একনাম কীৰ্ত্তন। সাতদিন ধৰি চলিবলগীয়া একনাম অখণ্ড কীৰ্ত্তন যোৱা ৯ ফেব্ৰুৱাৰীত আৰম্ভ হৈছে। বিশ্বমানৱৰ কল্যাণৰ হেতু আধ্যাত্মিক গুৰু কৃষ্ণগুৰুৱে দি যোৱা বাক্য অনুসৰিয়েই প্ৰতিবছৰে সপ্তাহজোৰা অখণ্ড কৃষ্ণগুৰু একনাম কীৰ্ত্তন অনুষ্ঠিত কৰাৰ লগতে প্ৰতি ১২ বছৰৰ মূৰে মূৰে এমাহজোৰা অখণ্ড কৃষ্ণগুৰু একনাম কীৰ্ত্তন অনুষ্ঠিত কৰি অহা হৈছে (Sarbananda Sonowal at krishnaguru sewashram) ।
দেওবাৰে কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Union Minister Sarbananda Sonowal) । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰথমতে সুবৰ্ণ কুৰত প্ৰৱেশ কৰি একনাম অখণ্ড কীৰ্ত্তনত অখণ্ড গ্ৰহণ কৰে। ইয়াৰ পিছতেই কৃষ্ণগুৰু প্ৰভুৰ সমাধিত সেৱা জনাই মূল কীৰ্ত্তন ঘৰত প্ৰৱেশ কৰে। মূল কীৰ্ত্তন ঘৰত সেৱা লোৱাৰ পিছত গুৰুগৃহত প্ৰৱেশ কৰে। ইয়াৰ পিছতেই কৃষ্ণ ধামত গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুক সাক্ষাৎ কৰি সেৱা লয়।
ইয়াৰ পিছতেই ভকতসকলৰ লগত সিদ্ধ প্ৰসাদ গ্ৰহণ কৰে। দেওবাৰে হাজাৰ হাজাৰ ভক্তৰ ভিৰ হয় কৃষ্ণগুৰু সেৱাশ্ৰমত। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অৰুণাচল, দিল্লী, মেঘালয়, প্ৰয়াগৰাজ হাৰিয়ানা, উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ পৰাও অসংখ্য ভকত অহা বুলি জানিবলৈ দিয়ে কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামীয়ে। তিনি কঠা মাটিত আৰম্ভ কৰা কৃষ্ণগুৰু সেৱাশ্ৰমখনৰ বৰ্তমান পৰিসৰ তিনিশ বিঘা।
কৃষ্ণগুৰু প্ৰভু বৈকুন্ঠগামী হোৱাৰ পিছত গুৰুভাৰ গ্ৰহণ কৰা গুৰুপুত্ৰ গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে সেৱাশ্ৰমৰ আন্তঃগাঁথনিৰ লগতে কল্যাণমূলক কাম-কাজত গুৰুত্ব আৰোপ কৰা বুলি উল্লেখ কৰে ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামীয়ে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|