সোমবাৰে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ বিস্তৃত কাৰ্যসূচী আছে যোৰহাটত। দেওবাৰে নিশা যোৰহাটৰ আৱৰ্ত্ত ভৱনত কটালে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সোমবাৰে জন আশীৰ্বাদ যাত্ৰাই সামৰি ল'ব উপ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া মৰিয়নি আৰু থাওৰা সমষ্টি ।
সোমবাৰে পুৱা ১০ বজাত যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এক কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই অনুষ্ঠানত যোৰহাটৰ একাংশ বিশিষ্ট লোকক সম্বৰ্ধনা কৰাৰ লগতে তেওঁলোকৰ লগত মত বিনিময় কৰিব । তাৰ পিছত পুৱা প্ৰায় ১১ বজাত জন আশীৰ্বাদ যাত্ৰাৰ কনভয় আগবাঢ়িব মৰিয়নি সমষ্টিলৈ । এক সমদলেৰে মৰিয়নিলৈ সৰ্বানন্দ সোণোৱালক আদৰি নিয়াৰ ব্যাপক প্ৰস্তুতি চলিছে ।
মৰিয়নিৰ সোণোৱাল চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হ'ব লগা এখন সভাত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। ইয়াৰ পিছতে মৰিয়নিৰ পৰা যাত্ৰা আৰম্ভ কৰি দুপৰীয়া প্ৰায় ১-১৫ বজাত ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হ'ব সৰ্বানন্দ সোণোৱাল । ঢেকীয়াখোৱা বৰনামঘৰত সেৱা আগবঢ়াই প্ৰায় ডেৰঘণ্টা সময় মন্ত্ৰীগৰাকী থাকিব ঢেকীয়াখোৱাত। ইয়াতে এখন কৰ্মীসভাতো মত বিনিময় কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
ইয়াৰ পিছতে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব শিৱসাগৰলৈ। শিৱসাগৰটো প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ ব্যাপক প্ৰস্তুতি চলিছে । বিয়লি প্ৰায় ৪.৪০ বজাত জন আশীৰ্বাদ যাত্ৰাৰ কনভয় উপস্থিত হ'বগৈ ডিমৌত। ডিমৌত অনুষ্ঠিত হ'ব লগা এলানি কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ যাত্ৰা কৰিব ডিব্ৰুগড়লৈ । আৰু ডিব্ৰুগড়ৰ নিজা বাসগৃহত মন্ত্ৰীগৰাকীয়ে নিশা পাৰ কৰিব ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|