‘মোৰ ঘৰ জ্বলোৱা কংগ্ৰেছীক মাতিলে, নেমাতিলে সৰ্বানন্দ সোণোৱালসহ বিজেপি নেতাক’ – আছুৰ অধিৱেশনক লৈ প্ৰতিক্ৰিয়া ৰামেশ্বৰ তেলীৰ

News18 Assam | News18-Assam
Updated:November 23, 2020, 12:36 PM IST
‘মোৰ ঘৰ জ্বলোৱা কংগ্ৰেছীক মাতিলে, নেমাতিলে সৰ্বানন্দ সোণোৱালসহ বিজেপি নেতাক’ – আছুৰ অধিৱেশনক লৈ প্ৰতিক্ৰিয়া ৰামেশ্বৰ তেলীৰ
সদৌ অসম ছাত্ৰ সন্থাৰ যিবোৰ দাবী আছিল, সেইবোৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত সৰ্বানন্দ সোণোৱালেই পূৰণ কৰিবলৈ চেষ্টা কৰা বুলিও উল্লেখ কৰে ৰামেশ্বৰ তেলীয়ে। 

সদৌ অসম ছাত্ৰ সন্থাৰ যিবোৰ দাবী আছিল, সেইবোৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত সৰ্বানন্দ সোণোৱালেই পূৰণ কৰিবলৈ চেষ্টা কৰা বুলিও উল্লেখ কৰে ৰামেশ্বৰ তেলীয়ে। 

  • News18 Assam
  • Last Updated: November 23, 2020, 12:36 PM IST
  • Share this:
সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশনৰ সামৰণি পৰাৰ পিছ মুহূৰ্ততে প্ৰতিক্ৰিয়া প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ। ৰামেশ্বৰ তেলীয়ে ডিব্ৰুগড়ত এটা পথ উদ্বোধন কৰি দিয়া ভাষণ প্ৰসংগত কয় যে  দুলীয়াজানৰ নিচিনা ঠাইত আছুৰ অধিৱেশন হোৱা সত্ত্বেও মুকলি সভালৈ একালৰ আছু নেতা সৰ্বানন্দ সোণোৱাল, তপন কুমাৰ গগৈ , ঋতুপৰ্ণ বৰুৱাক আমন্ত্ৰণ নকৰি কংগ্ৰেছৰ মানুহকহে নিমন্ত্ৰণ কৰিছে। তেওঁ কয় যে  আছুৰ পৰা ওলাইয়ে  মুখ্যমন্ত্ৰী হৈছিল সৰ্বানন্দ সোণোৱাল, আছুৰ পৰা গৈয়ে সাংসদ হৈছিল কামাখ্যা প্ৰসাদ তাছা, আছুৰ পৰা ওলায়েই বিধায়ক হৈছিল ঋতুপৰ্ণ বৰুৱা। কিন্তু তেওঁলোকক সেই অধিৱেশনলৈ মতা নাই, অথচ কংগ্ৰেছৰ মানুহক মাতিছে।

আনকি ৰামেশ্বৰ তেলীৰ ঘৰ জ্বলোৱা কংগ্ৰেছ নেতাকো আছুৰ অধিৱেশনলৈ মাতিছে যদিও বিজেপি মানুহ নাই মতা বুলি মন্তব্য কৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

সদৌ অসম ছাত্ৰ সন্থাৰ যিবোৰ দাবী আছিল, সেইবোৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত সৰ্বানন্দ সোণোৱালেই পূৰণ কৰিবলৈ চেষ্টা কৰা বুলিও উল্লেখ কৰে ৰামেশ্বৰ তেলীয়ে।

উল্লেখযোগ্য যে ডিব্ৰুগড়ত দেওবাৰে অসম চৰকাৰৰ এছ অ' পি ডি আঁচনিৰ অধীনত ১.২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মহেন্দ্ৰ বৰা পথটো উদ্বোধন কৰে ৰামেশ্বৰ তেলীয়ে। অনুষ্ঠানত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ টিকটৰ অন্যতম দাবীদাৰ বিধায়ক প্ৰশান্ত ফুকনৰ কাম–কাজৰো ভূয়সী প্ৰশংসা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

অনুষ্ঠানত স্থানীয় বিধায়ক প্ৰশান্ত ফুকন, লোক নিৰ্মাণ বিভাগৰ ডিব্ৰুগড় কাৰ্যবাহী অভিযন্তাসহ বহুসংখ্যক বিষয়ববীয়া উপস্থিত থাকে।
Published by: Sanjay Kumar Das
First published: November 23, 2020, 12:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি