உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • লুৰিণজ্যোতি গগৈৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহ’ব – ক’লে ৰামেশ্বৰ তেলীয়ে

    লুৰিণজ্যোতি গগৈৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহ’ব – ক’লে ৰামেশ্বৰ তেলীয়ে

    উজনিত নতুন নতুন দলবোৰে এখনো আসন নাপায়, আনকি কংগ্ৰেছ দলৰ হাতত থকা আসন কেইখনো এইবাৰ হেৰুৱাব বুলি মন্তব্য ৰামেশ্বৰ তেলীৰ৷

    উজনিত নতুন নতুন দলবোৰে এখনো আসন নাপায়, আনকি কংগ্ৰেছ দলৰ হাতত থকা আসন কেইখনো এইবাৰ হেৰুৱাব বুলি মন্তব্য ৰামেশ্বৰ তেলীৰ৷

    উজনিত নতুন নতুন দলবোৰে এখনো আসন নাপায়, আনকি কংগ্ৰেছ দলৰ হাতত থকা আসন কেইখনো এইবাৰ হেৰুৱাব বুলি মন্তব্য ৰামেশ্বৰ তেলীৰ৷

    • Share this:
    বিজেপি বিধায়কৰ টিকট সন্দৰ্ভত বৰপেটাত গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বিজেপি বিধায়কৰ টিকট কটা যোৱাক লৈ কেন্দ্ৰীয় চৰকাৰৰ কোনো নিৰ্দেশনা নাই। আনহাতে, লুৰিণজ্যোতি গগৈৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহ’ব বুলিও মন্তব্য কৰে তেলীয়ে।

    উজনিত নতুন নতুন দলবোৰে এখনো আসন নাপায়, আনকি কংগ্ৰেছ দলৰ হাতত থকা আসন কেইখনো এইবাৰ হেৰুৱাব বুলি মন্তব্য ৰামেশ্বৰ তেলীৰ৷ উজনি অসমত বিজেপিয়ে এশ শতাংশ আসনতে জয়ী হ’ব বুলি দৃঢ়তাৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷

    ইপিনে, উজনিৰ ২১টা সমষ্টিক লৈ বিজেপি প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজত সৃষ্টি হ’ব পৰা অসন্তুষ্টি সম্পৰ্কতো মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে৷ ৰামেশ্বৰ তেলীৰ মতে, টিকট বিচৰাটো স্বাভাৱিক, গণতন্ত্ৰত টিকট বিচৰাৰ অধিকাৰ আছে ৷ টিকট নাপাই যদি কোনোবা অসন্তুষ্ট হয় তেন্তে তেওঁলোকক বুজাবলৈ চেষ্টা কৰা হ’ব৷ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ এটাই কথা, দেশৰ কাৰণে, সমাজৰ বাবে কাম কৰিবৰ বাবে বিজেপি চৰকাৰ লাগিবই৷

    তেলীয়ে কয়, ‘‘আজিৰ তাৰিখলৈকে কোনো বিজেপি বিধায়কৰ টিকট কটা যাব বুলি গম পোৱা নাই৷ আনকি ড'নাৰ মন্ত্ৰী তথা ৰাজ্যৰ সহঃ প্ৰভাৰী বিজেপি নেতা জীতেন্দ্ৰ সিঙৰ সৈতে কালি কেবাজনো জ্যেষ্ঠ বিজেপি নেতা আৰু সাংসদ আলোচনাত মিলিত হৈছিল যদিও বিধায়কৰ টিকট কটা যােৱাক লৈ কোনো কথা আহি পৰা নাই আৰু কেন্দ্ৰীয় নেতৃত্বয়ো তেনে কোনো নিৰ্দেশ দিয়া নাই বুলি সদৰি কৰে৷

    কালি সাংসদ কামাখ্যা প্ৰসাদ তাছা, পল্লৱলোচন দাস, কুইন ওজা, দিলীপ শইকীয়া, ফণী শৰ্মা মিলিত হৈছিল জীতেন্দ্ৰ সিঙৰ সৈতে৷ আনকি নিৰ্বাচন কমিটীৰ সদস্য হিচাপে এই বিষয়ে জ্ঞাত নহয় বুলি জনালে তেলীয়ে৷

    অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ সন্দৰ্ভত ৰামেশ্বৰ তেলীয়ে কয় – ‘‘লুৰিণজ্যোতি গগৈ ৰাজনীতিৰ কিমান ভিতৰলৈ সোমাব পাৰিছে মই নাজানো৷ মানুহে মুখ্যমন্ত্ৰী, বিধায়ক হোৱাৰ সপোন দেখেই৷ কিন্তু সকলো সপোন সফল নহয়৷ লুৰিণজ্যোতিৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন পুৰণ নহ’ব৷’’

    লুৰিণজ্যোতিৰ জন্মগাঁও লাইপুলি পঞ্চায়তৰ লগতে লুৰিণজ্যোতিৰ নিজৰ ৱাৰ্ডতেই বিজেপি প্ৰাৰ্থী জয়ী হোৱা বুলি মন্তব্য ৰামেশ্বৰ তেলীৰ৷ বিজেপি চৰকাৰৰ দিনত চৰকাৰে সকলো জাতি–জনগোষ্ঠীৰ বাবে কাম কৰা বুলি দাবী কৰি ২১ত অসমত পূৰ্বতকৈ অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি দাবী কৰে৷
    Published by:Sanjay Kumar Das
    First published: