বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / বৰপেটাত কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী পুৰষোত্তম ৰুপালা

বৰপেটাত কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী পুৰষোত্তম ৰুপালা

বৰপেটাত কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী পুৰষোত্তম ৰুপালা

কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী পুৰষোত্তম ৰুপালাই আজি কয় যে দিল্লীত গ্ৰহণ কৰা চৰকাৰী আঁচনি দেশৰ দূৰদূৰণিৰ জিলাবোৰলৈ সম্প্ৰসাৰিত হৈছে। দুদিনীয়া বৰপেটা জিলা ভ্ৰমণত নিজৰ বিভাগবোৰৰ কাম-কাজ পৰিদৰ্শনৰ ভিত্তিত তেওঁ এই কথাত নিশ্চিত হৈছে। অৱশ্যে কৃষক তথা উৎপাদকসকলক অধিক সহায়-সহযোগিতাৰ প্ৰয়োজন আছে বুলি তেওঁ কয়। মন্ত্ৰীজনে আজি বৰপেটা জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰুপালাই বৰপেটাৰ কৰেৰতলত থকা মৎস্য উৎপাদক হেমন্ত ডেকাৰ উৎপাদন ক্ষেত্ৰ পৰিদৰ্শন কৰে। বিজ্ঞানসন্মত পদ্ধতিৰে ডেকাই কিদৰে মাছ উৎপাদন কৰি লাভৱান হৈছে, সেই বিষয়ে বুজ লোৱাৰ উপৰি চৰকাৰী আঁচনিৰ কি কি সুফল লাভ কৰিবলৈ সক্ষম হৈছে তাৰো বুজ লয়।

  • News18 Assam Assam
  • Last Updated :
News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী পুৰষোত্তম ৰুপালাই আজি কয় যে দিল্লীত গ্ৰহণ কৰা চৰকাৰী আঁচনি দেশৰ দূৰদূৰণিৰ জিলাবোৰলৈ সম্প্ৰসাৰিত হৈছে। দুদিনীয়া বৰপেটা জিলা ভ্ৰমণত নিজৰ বিভাগবোৰৰ কাম-কাজ পৰিদৰ্শনৰ ভিত্তিত তেওঁ এই কথাত নিশ্চিত হৈছে।

অৱশ্যে কৃষক তথা উৎপাদকসকলক অধিক সহায়-সহযোগিতাৰ প্ৰয়োজন আছে বুলি তেওঁ কয়। মন্ত্ৰীজনে আজি বৰপেটা জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰুপালাই বৰপেটাৰ কৰেৰতলত থকা মৎস্য উৎপাদক হেমন্ত ডেকাৰ উৎপাদন ক্ষেত্ৰ পৰিদৰ্শন কৰে। বিজ্ঞানসন্মত পদ্ধতিৰে ডেকাই কিদৰে মাছ উৎপাদন কৰি লাভৱান হৈছে, সেই বিষয়ে বুজ লোৱাৰ উপৰি চৰকাৰী আঁচনিৰ কি কি সুফল লাভ কৰিবলৈ সক্ষম হৈছে তাৰো বুজ লয়।

বিজ্ঞাপন

এই পৰিদৰ্শনৰ পিছত ৰুপালাই কয় যে বৰপেটা জিলাত মাছ উৎপাদন, পশুপালন আৰু দুগ্ধ উৎপাদন অধিকৰ পৰা অধিকতৰ কৰাৰ যথেষ্ট সুযোগ আছে‌। কাৰণ জিলাখনৰ কৃষকসকলে যথেষ্ট কষ্ট কৰিব পাৰে। নিজৰ প্ৰচেষ্টাতে তেওঁলোকে বহু আগবাঢ়িবলৈ সক্ষম হৈছে। চৰকাৰী আঁচনিৰো সুবিধা তেওঁলোকে লাভ কৰিছে। অৱশ্যে তেওঁলোকক চৰকাৰীভাৱে অধিক সহায়ৰ প্ৰয়োজন আছে। গতিকে ইয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস কেন্দ্ৰীয় মন্ত্ৰীজনে দিয়ে। মাছ উৎপাদকসকলক প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ পৰা সৰ্বাধিক সুবিধা গ্ৰহণ কৰিবলৈ ৰুপালাই পৰামৰ্শ আগবঢ়ায়।

এই ভ্ৰমণতে কেন্দ্ৰীয় মন্ত্ৰীজনে ছাগলী আৰু গাহৰিৰ ফাৰ্মো পৰিদৰ্শন কৰে। তদুপৰি তেওঁ বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত এটা কমিউনিটি ৰেডিও ষ্টেচনো মুকলি কৰে। নিটি আয়োগৰ অৰ্থ সাহায্যত আৰু মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ উদ্যোগত স্থাপন কৰা কেন্দ্ৰটোৰ জৰিয়তে চৰকাৰ তথা জিলা প্ৰশাসনৰ  কাম-কাজ, সাংস্কৃতিক কাৰ্যসূচী, শিক্ষামূলক কাৰ্যসূচী আদি সম্প্ৰচাৰ কৰা হ’ব।

কেন্দ্ৰীয় মন্ত্ৰীজনে বৰপেটা জিলাত  মীন, পশুপালন আৰু দুগ্ধ উৎপাদন ব্যৱস্থা কি পৰ্যায়ত আছে আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিবোৰৰ ৰূপায়ণ কিদৰে কৰা হৈছে আৰু তাৰ জৰিয়তে ক্ষেত্ৰকেইখনৰ লগত জড়িত লোকসকল  কিদৰে উপকৃত হৈছে তাৰ বুজ ল’বলৈ বৰপেটা জিলাৰ সংশ্লিষ্ট বিভাগবোৰৰ মুৰব্বী বিষয়াসকলৰ লগতো জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক আলোচনাত মিলিত হয়।

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
Tags: Barpeta
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন