নলবাৰীত মঙলবাৰে এক দলীয় সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজেজুয়ে। ধৰ্মপুৰ সমষ্টিৰ চামতাত অনুষ্ঠিত বিশেষ দলীয় সভাত অংশ গ্ৰহণ কৰি আগন্তক লোকসভাৰ নিৰ্বাচন সম্পৰ্কত পৰ্যালোচনা কৰে। লোকসভা প্ৰবাস যোজনাৰ অধীনত ৬ নং বৰপেটা লোকসভা সমষ্টিৰ ৬১ নং ধৰ্মপুৰ বিধান সমষ্টি ভিত্তিত অনুষ্ঠিত এই সভাত চন্দ্ৰমোহন পাটোৱাৰীয়েও অংশ গ্ৰহণ কৰে৷।
"অসমত আগতে আহিবলৈ আমাৰো ভয় হৈছিল। আলফা সমস্যাৰ লগতে বড়োলেণ্ড সমস্যাৰ, ডিমাচা সমস্যাৰ বাবে এক বেলেগ পৰিবেশে বিৰাজ কৰিছিল"- এই মন্তব্য কিৰেণ ৰিজেজুৰ। এইদৰে মন্তব্য কৰি পূৰ্বৰ চৰকাৰক সমালোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজেজুয়ে।
ইপিনে এই দলীয় সভাৰ পিছতে মন্ত্ৰী কিৰেণ ৰিজেজুয়ে এখন সংবাদ মেল সম্বোধন কৰে। এই সংবাদ মেল সম্বোধন কৰি মন্ত্ৰী কিৰেণ ৰিজেজু কয়, "বিগত তিনিটা দিন বৰপেটা লোকসভাৰ সমষ্টিৰ তিনিটা বিধানসভা সমষ্টি পৰিভ্ৰমণ কৰিলোঁ"। তেওঁ লগতে কয়, "দলীয় কাৰ্যসূচী লৈ এই তিনিদিনত হিতাধিকাৰীৰ লগত মতবিনিময় কৰি ভাল পাইছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমূলক আচনিত ৰাইজ উপকৃত হৈছে আৰু আজি মুছলমান লোক বিজেপিত যোগদান কৰি আছে ।"
Published by: Subham Goswami
FIRST PUBLISHED : May 23, 2023, 23:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।