তিনিচুকীয়াৰ বাঘজানৰ ঘটনা বুজ লোৱাৰ বাবে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান শনিবাৰে বিয়লি বায়ুসেনাৰ বিশেষ বিমানেৰে আহি বৰঝাৰ বিমান বন্দৰত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক বিমানবন্দৰতে মন্ত্ৰী নৱকুমাৰ দলে আৰু সাংসদ তপন গগৈয়ে আদৰণি জনায়।
তাৰ পিছতেই বিমান বন্দৰৰ পৰা পোনে পোনে মহানগৰীৰ ব্ৰহ্মপুত্ৰ অতিথিশালালৈ ৰাওনা হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে ব্ৰহ্মপুত্ৰ অতিথিশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বৈঠকত ভাগ লৈছে ধৰ্মেন্দ্ৰ প্ৰধানে। দেওবাৰে পুৱাই কেন্দ্ৰীয় মন্ত্ৰী গৰাকী তিনিচুকীয়াৰ বাঘজানৰ ঘটনাৰ বুজ লোৱাৰ উদ্দেশ্যে ৰাওনা হ’ব বুলি জানিব পৰা গৈছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : June 13, 2020, 20:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।