মুখ্যপৃষ্ঠা » খবৰ

» অসম

»পুলিচ মেডেলৰ নিচিনাকৈ বনকর্মীৰ বাবেও থাকিব ৰাষ্ট্ৰপতি মেডেল! অসমত উপস্থিত হৈ বহু গুৰুত্বপূৰ্ণ মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীৰ

পুলিচ মেডেলৰ নিচিনাকৈ বনকর্মীৰ বাবেও থাকিব ৰাষ্ট্ৰপতি মেডেল! অসমত উপস্থিত হৈ বহু গুৰুত্বপূৰ্ণ মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীৰ

News18 Assam | News18-Assam
Updated:September 19, 2021, 4:17 PM IST
পুলিচ মেডেলৰ নিচিনাকৈ বনকর্মীৰ বাবেও থাকিব ৰাষ্ট্ৰপতি মেডেল! অসমত উপস্থিত হৈ বহু গুৰুত্বপূৰ্ণ মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীৰ
গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে।

গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে।

  • News18 Assam
  • Last Updated: September 19, 2021, 4:17 PM IST
  • Share this:
পাঁচ দিনীয়া উত্তৰ পূৱ ভ্ৰমণলৈ আহিছে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে। অসমত উপস্থিত হোৱাৰ পিছত ৰাজ্যিক চিৰিয়াখানা পৰিদৰ্শন কৰে ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে। চিৰিয়াখানাত উপস্থিত হৈ দুটি ৰুদ্ৰাক্ষ গছপুলিও ৰোপণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। আজিৰ দিনটোতে অসম চৰকাৰৰ দুগৰাকী বনকৰ্মীক সন্মান জনাই মন্ত্ৰীগৰাকীয়ে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সন্মান জনোৱা দুয়োগৰাকী বনকৰ্মী ইতিমধ্যে  ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খেলত উজ্বলি উঠিবলৈ সক্ষম হৈছে। কেইবাখনো খেলত পদক জয় কৰিবলৈ সক্ষম হৈছে নয়নমণি শইকীয়া আৰু সুৰভী শইকীয়া দাস নামৰ বনকৰ্মী দুগৰকী।

সাংবাদিকৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, 'চৰকাৰী দায়িত্বত নিয়োজিত হৈ থকাৰ পিছতো নয়নমণি শইকীয়া আৰু সুৰভী শইকীয়া দসে পদক জয় কৰি গৌৰৱ কঢ়িয়াই আনিছে। আজি প্ৰধানমন্ত্ৰীৰ সহযোগিতাত তেওঁলোকক এই সন্মান দিয়া হ'ল। এই সফলতাৰ আঁৰত প্ৰধান মন্ত্ৰী মোদী। বেটি বচাও বেটি পঢ়াওৰ এয়া এক নিদৰ্শন। পুলিচ মডেলৰ নিচিনাকৈ বন বিভাগত পাৰদৰ্শিতা দেখুওৱা কৰ্মীকো মডেল দিবৰ বাবে ৰাষ্ট্ৰপতিক অনুৰোধ জনোৱা হ'ব।'

উল্লেখ্য যে, ২২ ছেপ্টেম্বৰ বিশ্ব গড় দিৱসৰ দিনাই মুখ্যমন্ত্ৰীৰ উপস্থিতিত গড়ৰ খৰ্গ জ্বলাই বিনস্ত কৰা হ'ব। আনহাতে,বনকর্মী দুয়োগৰাকীক ২৫ হাজাৰ টকাৰ লগতে ফুলাম গামোচাৰে সন্মান জনাব বিভাগে।
Published by: Himangshu Bhuyan
First published: September 19, 2021, 4:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি