মুখ্যপৃষ্ঠা »খবৰ »অসম »BARPETA : ২০২৪ৰ লোকসভা নিৰ্বাচনৰ কুচকাৱাজ, বৰপেটাত লোকসভা প্ৰৱাস যোজনাৰ সভাত কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেণ ৰিজিজু

BARPETA : ২০২৪ৰ লোকসভা নিৰ্বাচনৰ কুচকাৱাজ, বৰপেটাত লোকসভা প্ৰৱাস যোজনাৰ সভাত কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেণ ৰিজিজু

কিৰেণ ৰিজিজুৱে অৱশ্যে জেহাদী কাৰ্যকলাপ সম্পৰ্কে কোনো কথা উল্লেখ নকৰিলে ৷

কিৰেণ ৰিজিজুৱে অৱশ্যে জেহাদী কাৰ্যকলাপ সম্পৰ্কে কোনো কথা উল্লেখ নকৰিলে ৷

কিৰেণ ৰিজিজুৱে অৱশ্যে জেহাদী কাৰ্যকলাপ সম্পৰ্কে কোনো কথা উল্লেখ নকৰিলে ৷

  • Share this:
২০২৪ৰ লোকসভা নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে বিজেপিয়ে ৷ বিশেষকৈ দেশৰ যিসমূহ সমষ্টি বিৰোধীৰ দখলত আছে, সেই লোকসভা সমষ্টিসমূহ বিজেপিৰ দখললৈ অনাৰ বাবে এতিয়াৰ পৰাই যুদ্ধংদেহী তৎপৰতাৰে আৰম্ভ কৰিছে সাংগঠনিক তৎপৰতা ৷

বিজেপিৰ উক্ত সাংগঠনিক তৎপৰতাৰ অংশ হিচাপেই আজি বৰপেটাত বৰপেটা লোকসভা সমষ্টি ভিত্তিত 'লোকসভা প্ৰৱাস যোজনা'ৰ সভা অনুষ্ঠিত হয় ৷ বৰপেটাত তৰুণৰাম ফুকন  প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেণ ৰিজিজু, ৰাজ্যৰ আইনমন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু সাংসদ ভুৱনেশ্বৰ কলিতাৰ লগতে বিজেপিৰ জিলা সমিতিৰ পৰা মণ্ডল আৰু মৰ্চা সমিতিৰ বিজেপি কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰি বৰপেটা লোকসভা আসনখন '২৪ত নিজৰ দখললৈ নিয়াৰ ৰণকৌশল ৰচনা কৰে ৷

সভাত অংশ লৈ কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেণ ৰিজিজুৱে বৰপেটা লোকসভা সমষ্টিটো নিজৰ দখললৈ আনিবই লাগিব বুলি দাবী কৰে ৷ সমষ্টিটো নিজৰ দখললৈ নাহিলে ৰাইজে তাৰ লাভ নাপাব বুলিও উল্লেখ কৰে ৷ বিজেপি টেম্প'ৰেৰী পাৰ্টি নহয় বুলি অভিহিত কৰি বিজেপিক কেডাৰ বেছড দল বুলিও দাবী কৰে ৷ নৰেন্দ্ৰ মোদীক বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা বুলি অভিহিত কৰি উত্তৰ-পূবৰ বিকাশৰ বাবে সকলোৱে মিলি বিজেপিক জিকাব লাগিব বুলিও উল্লেখ কৰে ৷

উত্তৰ-পূবৰ সকলো লোকসভাৰ আসন নিজৰ দখললৈ নিয়াৰ বাবে পৃথকে ৰণকৌশল লোৱা হ'ব যদিও কেনেধৰণৰ কৌশল গ্ৰহণ কৰিব এই সম্পৰ্কে বিশদভাৱে ক'বলৈ অস্বীকাৰ কৰে ৷
ইপিনে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনা আৰু গৃহমন্ত্ৰীৰ তৎপৰতাত সমগ্ৰ উত্তৰ-পূব একত্ৰিত হৈ কাম কৰি আছে ৷ পূৰ্বতে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ নিজৰ মাজতে কাজিয়া চলি আছিল ৷

কিৰেণ ৰিজিজুৱে অৱশ্যে জেহাদী কাৰ্যকলাপ সম্পৰ্কে কোনো কথা উল্লেখ নকৰিলে ৷
উক্ত লোকসভা প্ৰৱাস যোজনাৰ সভাত অংশ লৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বৰপেটা, কলিয়াবৰ আৰু নগাঁও সমষ্টিকেইটা নিজৰ দখললৈ নিয়াৰ বাবে ৰণকৌশল ৰচনাৰ কথা প্ৰকাশ কৰে ৷ আনকি বৰপেটা সমষ্টিটো বিজেপিৰ দখললৈ যাব বুলিও আশাবাদী ৰণজিৎ কুমাৰ দাস ৷

ইপিনে ৰাজ্যত চলি থকা জেহাদী কাৰ্যকলাপ সম্পৰ্কেও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। বিশেষকৈ আজি হাউলীত জেহাদীৰ ঘাটি হিচাপে পৰিচিত এখন মাদ্ৰাছা উচ্ছেদ কৰা সম্পৰ্কে মন্তব্য কৰি চৰকাৰী মাটি দখল কৰি চৰকাৰকে হত্যা কৰিব বিচৰাসকলক ৰেহাই দিয়া নহ'ব বুলি মন্তব্য ৰণজিৎ দাসৰ ৷

শেহতীয়া বাতৰি