‘সংস্কাৰবিহীন শিক্ষাৰ্থী সূতা চিগা চিলাৰ দৰে’

শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয় মানৱ সম্পদ দপ্তৰৰ মন্ত্ৰী ৰমেশ পখৰীয়াল নিশংকৰ ভাষণ
শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয় মানৱ সম্পদ দপ্তৰৰ মন্ত্ৰী ৰমেশ পখৰীয়াল নিশংকৰ ভাষণ
- News18 Assam
- Last Updated: February 15, 2020, 1:35 PM IST
ছাত্ৰ ছাত্ৰী সকলে কৰা প্ৰতিটো প্ৰশ্নৰ উৎসাহজনক উত্তৰ দি পখৰীয়ালে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ক'লে— "যাৰ যি বিষয়ত আগ্ৰহ আছে তাতে মনোনিৱেশ কৰিব লাগে ৷খেল খেলিব বিচৰা সকলে খেলিব লাগে,অধ্যয়ন কৰিব বিচৰা সকলে অধ্যয়ন কৰিব লাগে ৷ সকলো সম্পুৰ্ণ কৰাৰ লক্ষ্য ৰাখিব লাগে শিক্ষাৰ্থীয়ে ৷ অধ্যয়নত সফল হ'বলৈ খেল-ধেমালীৰ খুবেই প্ৰয়োজন ৷ খেলে অধ্যয়নত একাগ্ৰতা আনে ৷ মানুহে নিজৰ মনে কোৱা মতে নিজৰ জীৱন পথ বাচিব লাগে ৷ ইয়াৰ বাবে সংস্কাৰ খুবেই প্ৰয়োজন ৷ সংস্কাৰ বিহীন শিক্ষাৰ্থী সূতা চিগা চিলাৰ দৰে ৷ ক'ত পৰিবগৈ কোনেও নাজানে ৷"
মন্ত্ৰী গৰাকীক বিজেতা নামৰ ছাত্ৰী এগৰাকীয়ে প্ৰশ্ন কৰিছিল— আপুনি ৰাজনৈতিক ব্যস্ততাৰ মাজত কেনেকৈ সাহিত্য চৰ্চা কৰে?
আন এগৰাকী ছাত্ৰই সুধিলে আপুনি দুষ্টামী কৰিছিল নে? এই প্ৰশ্নৰ উত্তৰো স্বভাৱসুলভ ভাৱে দিলে নিশংকে— "দুষ্টামী কোনে নকৰে? সকলোৱে কৰে ময়ো কৰিছিলো। দুষ্টামী সুন্দৰ হ'ব লাগে ৷ যি সফলতাৰ শিখৰ চোৱাৰ পিছত নিজকে নষ্টালজিক কৰিব ৷ কাকো দুখ দিব নালাগে মাথো দুষ্টামীয়ে ৷"
আন এগৰাকী ছাত্ৰীয়ে সুধিলে, আপোনাৰ কন্যা হেনো আৰ্মীৰ কেপ্টেইন?
‘মোৰ ছোৱালীয়ে MBBS কৰি বিদেশ গৈছিল ৷ উভতি আহি সেনা বাহিনীত যোগ দিলে ৷ দেশ সেৱা কৰিব বিচাৰিলে ৷ হয়তো মই লিখা দেশমূলক গীতে আকৃষ্ট কৰিছিল ৷ বহু ৰাজনীতিকে সন্তানক সেনা আদিত যোৱা নিবিচাৰে ৷ মোৰ সন্তান এতিয়া কেপ্তেইন ৷ মই পিতৃ হিচাপে সুখী’