• Home
  • »
  • News
  • »
  • assam
  • »
  • CAAৰ বিধি প্ৰস্তুত কৰিবলৈ গৃহ মন্ত্ৰণালয়ে পুনৰ লাভ কৰিলে তিনি মাহ। সংসদীয় কমিটীয়ে দিলে অতিৰিক্ত সময়।

CAAৰ বিধি প্ৰস্তুত কৰিবলৈ গৃহ মন্ত্ৰণালয়ে পুনৰ লাভ কৰিলে তিনি মাহ। সংসদীয় কমিটীয়ে দিলে অতিৰিক্ত সময়।

আগতে লোকসভাৰ কমিটীখনে ৯এপ্রিল আৰু ৰাজ্যসভাৰ খনে ৯ জুলাইৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল । লোকসভাৰ কমিটীখনে দিয়া সময় উকলি যোৱাত পুনৰ অতিৰিক্ত সময়ৰ প্ৰয়োজন আহি পৰিল ।

আগতে লোকসভাৰ কমিটীখনে ৯এপ্রিল আৰু ৰাজ্যসভাৰ খনে ৯ জুলাইৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল । লোকসভাৰ কমিটীখনে দিয়া সময় উকলি যোৱাত পুনৰ অতিৰিক্ত সময়ৰ প্ৰয়োজন আহি পৰিল ।

আগতে লোকসভাৰ কমিটীখনে ৯এপ্রিল আৰু ৰাজ্যসভাৰ খনে ৯ জুলাইৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল । লোকসভাৰ কমিটীখনে দিয়া সময় উকলি যোৱাত পুনৰ অতিৰিক্ত সময়ৰ প্ৰয়োজন আহি পৰিল ।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুত কৰিবলৈ সংসদীয় কমিটীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক পুনৰ প্ৰদান কৰিলে তিনি মাহৰ অতিৰিক্ত সময় । দেশত Covid-19 মহামাৰীৰ দ্বিতীয়টো সংক্ৰমণৰ ঢৌৱে সৃষ্টি কৰা পৰিবেশৰ ফলত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি গৃহ  মন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশ পাইছে । উল্লেখযোগ্য যে দ্বিতীয়বাৰৰ কাৰণে Parliamentary Standing Committee on Subordinate Legislationএ সময়সীমা বৃদ্ধি কৰিছে । আগতে লোকসভাৰ কমিটীখনে ৯এপ্রিল আৰু ৰাজ্যসভাৰ খনে ৯ জুলাইৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল । লোকসভাৰ কমিটীখনে দিয়া সময় উকলি যোৱাত পুনৰ অতিৰিক্ত সময়ৰ প্ৰয়োজন আহি পৰিল ।

যোৱা মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অতিৰিক্ত তিনি মাহৰ সময় বিচাৰি সংসদীয় কমিটীলৈ পত্ৰ প্ৰেৰণ কৰিছিল । কিন্তু গৃহ মন্ত্ৰণালয়ে এমাহৰ ভিতৰতে বিধি প্ৰস্তুত কৰি কমিটীলৈ প্ৰেৰণ কৰাৰ যো-জা চলাইছে বুলি নাম প্রকাশত অনিচ্ছুক মন্ত্ৰণালয়ৰ এজন বিষয়াৰ পৰা গম পোৱা গৈছে ।

অনহাতে নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্রস্তুত হোৱাৰ আগতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দেশৰ পাঁচ ৰাজ্যৰ ১৩জিলাত যোৱা ১২বছৰ ধৰি আশ্ৰয় লৈ থকা পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘু শৰণাৰ্থীক নাগৰিকত্ব প্রদানৰ নিৰ্দেশ প্ৰদান কৰিছে । এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই ইতিমধ্যে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ নামৰ ৰাজনৈতিক দলটো উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ।

উল্লেখযোগ্য যে,  নাগৰিকত্ব সংশোধনী আইনখন স্ব-কাৰ্যকৰী (Self Operational) নহয় । এই আইন কাৰ্য্কৰী কৰিবলৈ বিধিৰ প্ৰয়োজন হয় । সাধাৰণতে তেনে আইন প্ৰণয়ন কৰাৰ ৬মাহৰ ভিতৰতে বিধি প্ৰস্তুত কৰা হয় । কিন্তু নাগৰিকত্ব সংশোধনী আইন ২০১৯চনৰ ডিচেম্বৰতে সংসদত গৃহীত হৈছিল । এই আইনখনৰ বিৰুদ্ধে সমগ্র দেশত তীব্র প্ৰতিবাদ গঢ়ি উঠিছিল । আইনখনৰ সাংবিধানিক বৈধতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি দল, সংগঠন আৰু ব্যক্তি-বিশেষে প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰি থৈছে । এই সমূহৰ এতিয়াও শুনানি আৰম্ভ হোৱা নাই ।
Published by:Manjumoni Borah
First published: