২৭ ডিচেম্বৰত গুৱাহাটীৰ পৰা ইম্ফললৈ ৰাওনা হ’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
২৭ ডিচেম্বৰত গুৱাহাটীৰ পৰা ইম্ফললৈ ৰাওনা হ’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
অহা ২৬ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দুদিনীয়া ভ্ৰমণসূচীৰে আহিবলগীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অসম দৰ্শন আঁচনিৰ অধীনত ৰাজ্যৰ ৮,০০০ নামঘৰলৈ আগবঢ়াব আৰ্থিক সাহায্য।
সেইদৰে পৰ্যটকৰ আকৰ্ষণৰ উদ্দেশ্যে বটদ্ৰৱা থানৰ উন্নয়নৰ বাবেও বিশেষ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰিও গুৱাহাটীত নতুনকৈ হ’বলগীয়া দ্বিতীয়খন চিকিত্সা মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
২৭ ডিচেম্বৰত গুৱাহাটীৰ পৰা ইম্ফললৈ ৰাওনা হ’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মণিপুৰতো চুড়াচন্দ্ৰ মেডিকেল কলেজ আৰু ৰাজ্য চৰকাৰৰ এটা অতিথি শালাৰ আধাৰশিলাও স্থাপন কৰিব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|