• Home
  • »
  • News
  • »
  • assam
  • »
  • মুখ্যমন্ত্ৰী সোণোৱাল আৰু হিমন্ত বিশ্বক লগত লৈ কামাখ্যা মন্দিৰ দৰ্শন কৰিলে অমিত শ্বাহে

মুখ্যমন্ত্ৰী সোণোৱাল আৰু হিমন্ত বিশ্বক লগত লৈ কামাখ্যা মন্দিৰ দৰ্শন কৰিলে অমিত শ্বাহে

তিনিদিনীয়া ভ্ৰমণ কাৰ্য্যসূচী সামৰি দেওবাৰে দিল্লীলৈ উভতিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷

তিনিদিনীয়া ভ্ৰমণ কাৰ্য্যসূচী সামৰি দেওবাৰে দিল্লীলৈ উভতিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷

তিনিদিনীয়া ভ্ৰমণ কাৰ্য্যসূচী সামৰি দেওবাৰে দিল্লীলৈ উভতিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷

  • Share this:
তিনিদিনীয়া ভ্ৰমণ কাৰ্য্যসূচী সামৰি দেওবাৰে দিল্লীলৈ উভতিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ আৰু তাৰ প্ৰাকক্ষণত তৃতীয় দিনটোৰ প্ৰথম কাৰ্য্যসূচী ৰূপে পুৱা গৃহমন্ত্ৰীগৰাকী উপস্থিত হয় শক্তিপীঠ কামাখ্যা ধামত ৷

গৃহমন্ত্ৰী অমিত শ্বাহ পুৱা ১০ বাজি ৫ মিনিটত উপস্থিত হয় কামাখ্যা ধামত ৷ গৃহমন্ত্ৰীৰ সৈতে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

মা কামাখ্যা দৰ্শন কৰিবলৈ আহি অমিত শ্বাহে প্ৰথমে মূল দ্বাৰৰ পৰাই সেৱা জনায় ৷ পিছত হাত ভৰি ধুই মন্দিৰৰ ভিতৰলৈ যায় ৷ মাৰ আশীষ গ্ৰহণ কৰা সময়ত অৱশ্যে মন্দিৰৰ ভিতৰত নাথাকিল মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী ৷ প্ৰায় ২০ মিনিট ধৰি পূজা অৰ্চনাৰ অন্তত মণিপুৰ অভিমুখে ৰাওনা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷
Published by:Himangshu Bhuyan
First published: