• Home
  • »
  • News
  • »
  • assam
  • »
  • Amit Shah to Assam : দুদিনীয়া ভ্ৰমণসূচীৰে অসম তথা উত্তৰ–পূবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ক’ত কি কৰিব অমিত শ্বাহে?

Amit Shah to Assam : দুদিনীয়া ভ্ৰমণসূচীৰে অসম তথা উত্তৰ–পূবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ক’ত কি কৰিব অমিত শ্বাহে?

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই ভ্ৰমণে নিশ্চয়কৈ কঢ়িয়াব ইতিবাচক বতৰা৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই ভ্ৰমণে নিশ্চয়কৈ কঢ়িয়াব ইতিবাচক বতৰা৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই ভ্ৰমণে নিশ্চয়কৈ কঢ়িয়াব ইতিবাচক বতৰা৷

  • Share this:
দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে উত্তৰ–পূবলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah)৷ দিনৰ  ১২.৪০ বজাত অমিত শ্বাহে উদ্বোধন কৰিব নৰ্থ ইষ্টাৰ্ন স্পেচ এপ্লিকেচন চেণ্টাৰ৷ য'ত থাকিব বহুমুখী সভাকক্ষ আৰু প্ৰদৰ্শনীৰ সুবিধা৷

৩ বজাত মাবিয়াঙত ইণ্টাৰ ষ্টেট বাছ টাৰ্মিনেল উদ্বোধন কৰি ৰাখিব ভাষণ৷ ৪.৩০ বজাত উমছাভাটিত CYOGONIC OXYGEN PLANT AND PADRIATIC WARD মুকলি কৰিব গৃহমন্ত্ৰীগৰাকীয়ে৷ ৫.৩০ বজাত শ্বিলঙৰ ৰাজ্যিক প্ৰশিক্ষণ কেন্দ্ৰত উত্তৰ–পূবৰ সকলো মুখ্যমন্ত্ৰীৰে বহিব বৈঠকত৷ য'ত থাকিব মুখ্য সচিবসকল, আৰক্ষী সঞ্চালকপ্ৰধানসকলো৷ এই বৈঠকখনে লাভ কৰিছে বিশেষ চৰ্চা৷ আন্তঃৰাজ্যিক সমস্যা, উগ্ৰপন্থা সমস্যা সমাধান, ড্ৰাগছকে ধৰি চলি থকা সমস্যাবোৰে হয়তো স্থান পাব পাৰে এই বৈঠকখনত৷ ইতিমধ্যে অসম-মিজোৰাম, অসম-মেঘালয়, অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে দিল্লীত গৈ বিষয়টোৰ মীমাংসাৰ বাবে আলোচনাত বহি আহিছে মুখ্য সচিব জিষ্ণু বৰুৱা৷

ৰাতিটো শ্বিলঙত থাকি ২৫ তাৰিখে ১০.২০ত বৰহশ্ৰীত অসম ৰাইফল্ছৰ উদ্যোগত বৃক্ষ ৰোপণ কাৰ্যসূচীত ভাগ লোৱা জোৱানসকলক উদ্দেশ্যি ভাষণ ৰাখিব অমিত শ্বাহে৷ ১০.৪৫ বজাত চোহৰাত ৰাম কৃষ্ণ মিছনত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনাব স্বামী বিবেকানন্দক৷ চোহৰাতে ১১ বজাত গ্ৰেটাৰ চোহৰা ৱাটাৰ চাপ্লাই মুকলি কৰিব শ্বাহে৷ ২ বজাত লেটকৰৰ আছাম ৰাইফলছৰ ছাউনী ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে৷

শ্বিলঙৰ পৰা উভতিয়েই মা কামাখ্যাৰ আশিস ল'ব অমিত শ্বাহে৷ বিয়লি ৪ বজাত মা কামাখ্যাৰ আশিস লোৱাৰ পিছত ৪.৫০ত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ ৰাজ্যিক কেন্সাৰ ইনষ্টিটিউটৰ ৰেডিঅ'থেৰাপী ব্লক আৰু নতুন LINAC যন্ত্ৰ মুকলি কৰিব৷ ৫.৫০ত  কলাক্ষেত্ৰত উপস্থিত হৈ কোভিডত প্ৰাণ হেৰুওৱা পৰিয়ালক প্ৰদান কৰিব অৰ্থসাহায্য। লগতে ৰিম'ট টিপি শিলন্যাস কৰিব তামুলপুৰ মেডিকল কলেজৰ৷ ইয়াৰ পিছতে কলাক্ষেত্ৰত সকলোকে উদ্যেশি ভাষণ ৰাখিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই ভ্ৰমণে নিশ্চয়কৈ কঢ়িয়াব ইতিবাচক বতৰা৷ বিশেষকৈ আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত আৰক্ষী সঞ্চালকপ্ৰধানৰ সৈতে হোৱা বোঠকে আৰক্ষীক দিব অধিক শক্তি৷
Published by:Sanjay Kumar Das
First published: