বিজেপি মিত্ৰজোঁট চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি আজি খানাপাৰাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বৰ্ণাঢ্য ৰূপত পালন কৰা পৰিলক্ষিত হয়। খানাপাৰা খেলপথাৰত সমৱেত বিশাল জনগণৰ মাজত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত অমিত শ্বাহৰ উপৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকে। বিজেপি মিত্ৰজোঁটৰ সকলো মন্ত্ৰী–বিধায়ক, সাংসদৰ লগতে জ্যেষ্ঠ নেতা–কৰ্মী এই অনুষ্ঠানত উপস্থিত থাকে (First Anniversary of Himanta Biswa Sarma Govt)।
কি ক'লে অমিত শ্বাহে?
বৰ্ষপূৰ্তি অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহে (Home Minister Amit Shah) ভাষণ দি এবছৰৰ ভিতৰত অসম সলনিৰ প্ৰকল্প আৰম্ভ হোৱা বুলি উল্লেখ কৰি কয় যে আন্দোলন, হিংসাৰ স্থানত এতিয়া শান্তি কেৱল শান্তিৰ পৰিৱেশৰ সূচনা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে সত্ৰৰ বেদখলকৃত ভূমি মুক্ত কৰিবলৈ সক্ষম হোৱাৰ কথা প্ৰকাশ কৰি এবছৰত ১০ হাজাৰ ৭ শ বিঘা মাটি বেদখলমুক্ত কৰাৰ দৰে কামৰ বাবে মুখ্যমন্ত্ৰীক প্ৰশংসা কৰে। আনহাতে, কোভিড মেনেজমেণ্টত সফল হোৱা বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি কোভিডৰ সময়ত ডেৰ কোটি লোকক বিনামূলীয়াকৈ দুবছৰ চাউল প্ৰদান কৰাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) নেতৃত্বত এবছৰীয়া কাৰ্যকালত অসমত উন্নয়ন হোৱা বুলি উল্লেখ কৰি ৯ হাজাৰতকৈ অধিক উগ্রপন্থী মূলসূঁতিলৈ ঘূৰি অহা তথা বিগত ৬ বছৰত কোনো বাংলাদেশীৰে অনুপ্ৰৱেশ হোৱা নাই বুলি দাবী কৰে। স্বাস্থ্যখণ্ডৰ কথা উল্লেখ কৰি কয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ প্রতি জিলাত এখনকৈ মেডিকেল কলেজ স্থাপনৰ কাম আৰম্ভ হৈছে। অসম দেশৰ ভিৰতৰতে হেল্থ হাবলৈ ৰূপান্তৰিত হ'ব। গৃহমন্ত্ৰীগৰাকীয়ে লগতে অসমত অনুষ্ঠিত হৈ যোৱা উপ-নিৰ্বাচনৰ লগতে জি এম চিৰ নিৰ্বাচনত বিজেপিৰ বিজয় ধ্বজা অক্ষুণ্ণ ৰখাত অসমৰ ৰাইজক ধন্যবাদ জনায়।
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰৰ কবিতা পাঠেৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ক'লে গুৰুত্বপূৰ্ণ কথা
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰৰ কবিতা পাঠ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে দেখুওৱা সেন্দূৰীয়া আলিৰে আগবঢ়া বুলি ভাষণত উল্লেখ কৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে ভাষণত ১ লাখ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা প্ৰকাশ কৰি অৰুণোদয় আঁচনি, পথ নিৰ্মাণ, মেডিকেল কলেজ নিৰ্মাণৰ প্ৰসংগত কয় যে তেওঁ অচিৰেই অসমৰ ৰাইজৰ স্বাৰ্থৰ হকে অনাগত সময়ত কাম কৰি যাব আৰু উন্নয়নৰ গংগা নমাই আনিব ৰাজ্যখনলৈ। ডিজিটেল সেৱাৰ জৰিয়তে চৰকাৰ আৰু জনতাৰ দূৰত্ব কমোৱাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়– ''শক্তিশালী ভাৰত গঢ়াৰ বাবে প্রধানমন্ত্রী, গৃহমন্ত্রীয়ে কাম কৰি আছে। সৰ্বশ্রেষ্ঠ অসম আমি নিৰ্মাণ কৰিম, আমি সৰ্বশ্রেষ্ঠ ভাৰত গঢ়িম।''
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লৈ আশাবাদী সৰ্বানন্দ সোণোৱাল
ইয়াৰ লগতে অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Union Ministers Sarbananda Sonowal) কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ–পূব প্ৰগতিৰ দিশত আগবাঢ়িছে। তেওঁ কয় য'ত আইন শৃংখলা অৱনমিত হৈছিল, তাত শান্তি আহিছে। সোণোৱালে লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত অসম বহুদূৰ আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|