অনুচ্ছেদ ৩৭১ প্ৰত্যাহাৰ নকৰে কেন্দ্ৰই, উত্তৰ–পূববাসীক আশ্বাস কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ

৬৮সংখ্যক উত্তৰ–পূব পৰিষদৰ অধিৱেশনত অমিত শ্বাহে কয় যে অনুচ্ছেদ ৩৭০ আৰু ৩৭১ৰ মাজত বৃহৎ পাৰ্থক্য আছে।

News18-Assam
Updated:September 8, 2019, 6:06 PM IST
অনুচ্ছেদ ৩৭১ প্ৰত্যাহাৰ নকৰে কেন্দ্ৰই, উত্তৰ–পূববাসীক আশ্বাস কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ
৬৮সংখ্যক উত্তৰ–পূব পৰিষদৰ অধিৱেশনত অমিত শ্বাহে কয় যে অনুচ্ছেদ ৩৭০ আৰু ৩৭১ৰ মাজত বৃহৎ পাৰ্থক্য আছে।
News18-Assam
Updated: September 8, 2019, 6:06 PM IST
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে গুৱাহাটীত কয় যে উত্তৰ–পূবক বিশেষ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদ ৩৭১ স্পৰ্শ নকৰে কেন্দ্ৰই। ৬৮সংখ্যক উত্তৰ–পূব পৰিষদৰ অধিৱেশনত অমিত শ্বাহে কয় যে অনুচ্ছেদ ৩৭০ আৰু ৩৭১ৰ মাজত বৃহৎ পাৰ্থক্য আছে। উত্তৰ–পূবৰ মুখ্যমন্ত্ৰীসকলৰ উপস্থিতিত অমিত শ্বাহে মন্তব্য কৰে যে জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছত উত্তৰ–পূবৰ লোকসকলক অনুচ্ছেদ ৩৭১ আঁতৰোৱা হ’ব বুলি ভুল তথ্যৰে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাই থকা হৈছে।

অমিত শ্বাহে কয় – ‘পূৰ্বেও মই সংসদত স্পষ্ট কৰি দিছো যে এনেকুৱা নহয়। আৰু আজি উত্তৰ–পূবৰ আঠ মুখ্যমন্ত্ৰীৰ উপস্থিতিত পুনৰ কৈছো যে কেন্দ্ৰই অনুচ্ছেদ ৩৭১ স্পৰ্শ নকৰে।’

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি