NRCত নাম বাদ পৰিলেই নহয় বিদেশী! নাম বাদ পৰাসকলক গৃহ মন্ত্ৰণালয়ৰ ডাঙৰ সকাহ

News18-Assam
Updated:August 20, 2019, 5:46 PM IST
NRCত নাম বাদ পৰিলেই নহয় বিদেশী! নাম বাদ পৰাসকলক গৃহ মন্ত্ৰণালয়ৰ ডাঙৰ সকাহ
NRCত নাম বাদ পৰাসকলে বিদেশী ন্যায়াধীকৰণত পুনৰ আবেদন কৰিব পাৰিব।

NRCত নাম বাদ পৰাসকলে বিদেশী ন্যায়াধীকৰণত পুনৰ আবেদন কৰিব পাৰিব।

  • Share this:
৩১ আগষ্টত পূৰ্ণাংগ NRC প্ৰকাশ পোৱাৰ প্ৰাকক্ষণত তৎপৰ হৈ পৰিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ। তালিকাৰ পৰা বাদ পৰিবলগীয়া ব্যক্তিসকলক ডাঙৰ সকাহ আগবঢ়াইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় গৃহ সচিব, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ মুখ্য সচিবসহ উচ্চপদস্থ বিষয়াসকলৰ বৈঠকৰ পিছত অমিত শ্বাহে কৰিছে ডাঙৰ ঘোষণা। NRCত নাম বাদ পৰাসকলে বিদেশী ন্যায়াধীকৰণত পুনৰ আবেদন কৰিব পাৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে জনায় যে ফৰেইনাৰ্ছ এক্ট ১৯৪৬ আৰু ফৰেইনাৰ্ছ (ট্ৰিবিউনেল্ছ) অৰ্ডাৰ ১৯৬৪ অনুসৰি কেৱল বিদেশী ন্যায়াধীকৰণেহে এজন ব্যক্তি বিদেশী হয়নে নহয়, সেই কথা ঘোষণা কৰিব পাৰে। অৰ্থাৎ NRCৰ পৰা বাদ পৰা মানেই ব্যক্তিজন ঘোষিত বিদেশী হৈ নাযায়। এইক্ষেত্ৰত ৰাজ্য চৰকাৰে পৰ্যাপ্ত পৰিমাণ ন্যায়াধীকৰণ ঠায়ে ঠায়ে স্থাপন কৰিব বুলি আশ্বাস দিছে। লগতে যিসকলৰ নাম বাদ পৰিব সেইসকলক আইনগত সহায় আগবঢ়াবলৈ ৰাজ্য চৰকাৰে ল’ব সকলো ব্যৱস্থা।



যিহেতু NRCৰ পৰা বাদ পৰা সকলো লোকে নিৰ্ধাৰিত সময়সীমা অৰ্থাৎ ৬০ দিনৰ ভিতৰত ন্যায়াধীকৰণত আবেদন কৰিবলৈ সক্ষম নহ’বও পাৰে, সেইবাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আবেদনৰ সময়সীমা ৬০ দিনৰ পৰা ১২০ দিনলৈ বৃদ্ধি কৰিছে। ইয়াৰ লগতে নাগৰিকত্ব (নাগৰিকৰ পঞ্জীয়ন আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰৰ বিষয়) আইন ২০০৩কো সংশোধন কৰা হৈছে। পূৰ্ণাংগ NRC প্ৰকাশ পোৱাৰ সময়ত আইন–শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ নহ’বলৈ চৰকাৰে ইতিমধ্যে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ দল নিয়োগৰ ব্যৱস্থা কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading