ইংৰাজৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ আহুতি দিয়া দেশৰ ২০গৰাকী বীৰাংগনাৰ জীৱনৰ কথাৰে এখন গ্ৰাফিক গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে অমৰ চিত্ৰ কথাই।
ইংৰাজৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ আহুতি দিয়া দেশৰ ২০গৰাকী বীৰাংগনাৰ জীৱনৰ কথাৰে এখন গ্ৰাফিক গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে অমৰ চিত্ৰ কথাই।
দেশে স্বাধীনতা লাভ কৰাৰ ৭৫বছৰ পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে পাহৰণি গৰ্ভত বিলীন হোৱা স্বাধীনতা যুঁজৰ বীৰাংগনা সকলক স্মৰণ কৰাৰ বহু কেইটা প্ৰকল্প হাতত লৈছে। এই প্ৰকল্পৰ অংশ বিশেষ হৈছে অমৰ চিত্ৰ কথাই অতি সম্প্ৰতি প্ৰকাশ কৰা এখন গ্ৰাফিক গ্ৰন্থ। এই গ্ৰন্থখনত সন্নিবিষ্ট হৈছে দেশৰে ২০গৰাকীৰ নাৰীৰ জীৱন কাহিনী যি এক স্বাধীন দেশৰ সপোনৰ পম খেদি ব্ৰিটিছৰ বিৰুদ্ধে সমুখ সমৰত লিপ্ত হৈছিল। বৃহস্পতিবাৰে কেন্দ্ৰীয় সাংস্কৃতিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখীয়ে মুকলি কৰা গ্ৰন্থ খনত স্থান পাইছে অসমৰ টিলেশ্বৰী বৰুৱাই ।
India's Women Unsung Heroes শীৰ্ষক গ্ৰন্থখনত অন্তৰ্ভুক্ত হোৱা আন কেইগৰাকী স্বাধীনতা সংগ্রামী হৈছে – ৰাণী আব্বাক্কা, ভেলু নাছিয়াৰ, ঝালকাৰী বাঈ, মতাংগিনী হাজৰা, গোলাব কৌৰ, চকালি ইলাম্মা, পদ্মজা নাইডু, বিষণী দেৱী শ্বাহ, সুভদ্ৰা কুমাৰী, দুৰ্গাৱতী দেৱী, সুছেট্ৰা কৃপালিনী, আক্কামা চেৰিয়ান, অৰুণা আচফ আলী, দুৰ্গাৱতী দেশমুখ, ৰাণী গাইডিনলিও, উষা মেহতা, পাৰ্বতী গিৰী, তাৰকেশ্বৰী সিংহা আৰু স্নেহলতা বাৰ্মা। টিলেশ্বৰী বৰুৱাৰ সৈতে স্থান পোৱা আন গৰাকী উত্তৰ পূৱৰ মহিলা হৈছে ৰাণী গাইডিনলিও।
টিলেশ্বৰী বৰুৱাই মহাত্মা গান্ধীৰ আহ্বানত জঁপিয়াই পৰিছিল ভাৰত ত্যাগ আন্দোলনত। কেৱল ১২ বছৰ বয়সত যোগদান কৰিছিল কংগ্ৰেছৰ মৃত্যু বাহিনীত। ঢেকিয়াজুলি আৰক্ষী থানালৈ বুলি সমদলত নেতৃত্ব দি গুলী খাই মৃত্যুক সাৱটি লৈছিল কণমানি টিলেশ্বৰীয়ে। পুলিচৰ মানৱ প্ৰাচীৰ ভেদি থানাৰ প্ৰাচীৰ বগাবলৈ চেষ্টা কৰোঁতেই গুলীবিদ্ধ হৈছিল টিলেশ্বৰী। টিলেশ্বৰীৰ সৈতে পুলিচৰ গুলীত সেইদিনা প্ৰাণ আহুতি দিয়া আন তিনিজন হৈছে মনবৰ নাথ, কুমলী দেৱী আৰু মহীৰাম কোঁচ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|