মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Sarbananda Sonowal : ১৯ আগষ্টত অসমলৈ আহিব সৰ্বানন্দ সোণোৱাল, ৩ দিনীয়া আশীৰ্বাদ যাত্ৰাৰ বৃহৎ আয়োজন।

Sarbananda Sonowal : ১৯ আগষ্টত অসমলৈ আহিব সৰ্বানন্দ সোণোৱাল, ৩ দিনীয়া আশীৰ্বাদ যাত্ৰাৰ বৃহৎ আয়োজন।

News18 Assam | News18-Assam
Updated:August 7, 2021, 9:30 PM IST
Sarbananda Sonowal : ১৯ আগষ্টত অসমলৈ আহিব সৰ্বানন্দ সোণোৱাল, ৩ দিনীয়া আশীৰ্বাদ যাত্ৰাৰ বৃহৎ আয়োজন।
১৯, ২০, ২১ আগষ্টত তিনিদিনীয়া আশীৰ্বাদ যাত্ৰাত অংশ ল'ব সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)এ ৷

১৯, ২০, ২১ আগষ্টত তিনিদিনীয়া আশীৰ্বাদ যাত্ৰাত অংশ ল'ব সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)এ ৷

  • Share this:
কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পিছত প্ৰথমবাৰলৈ অসমলৈ আহিব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) ৷ ১৮ আগষ্টৰ সলনি ১৯ আগষ্টত অসমলৈ আহি তিনিদিনীয়া আশীৰ্বাদ যাত্ৰা (Ashirbad Jatra)ত অংশ ল'ব সোণোৱালে ৷ ১৮ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi)য়ে আহ্বান কৰা কেবিনেট বৈঠকত ভাগ লৈ ১৯ আগষ্টতহে অসমলৈ আহিব কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীগৰাকী ৷ যাক লৈ সকলো প্ৰস্তুতি সমাপণ কৰিছে অসম প্ৰদেশ বিজেপিয়ে ৷

১৯ আগষ্টত বিমান বন্দৰত কোভিড প্ৰট'কলৰ মাজেৰে সোণোৱালক আদৰিব ৰাজ্যিক বিজেপিয়ে ৷  বিমান বন্দৰৰ পৰা পোনে পোনে আজাৰাত এখন সভাত অংশ ল'ব কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীগৰাকীয়ে ৷ তাৰ পিছতে সুধাকণ্ঠৰ সমাধিস্থলত সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনাব সোণোৱালে ৷ জালুকবাৰীৰ পৰা ফাঁচিবজাৰ হৈ উভতি আহোঁতে লাচিত ঘাটত বীৰপুৰুষ লাচিত বৰফুকন (Lachit Barphukan)লৈও যাঁচিব শ্ৰদ্ধাৰ্ঘ ৷ একেটা বাটতে পাণ্ডু প'ৰ্ট (Pandu Port) দৰ্শন কৰিব সোণোৱালে ৷ পাণ্ডু প'ৰ্ট দৰ্শনৰ পিছতে নীলাচল পাহাৰত মা কামাখ্যা (Maa Kamakhya)ৰ ওচৰত মূৰ দোৱাই মা কামাখ্যাৰ আশিষ লৈ ৰাজ্যিক বিজেপিৰ কাৰ্যালয় (BJP Office)ত বিজেপিৰ বিষয়ববীয়াৰে বৈঠকত মিলিত হ'ব সৰ্বানন্দ সোণোৱাল ৷ ১৯ আগষ্টৰ দিনৰ ১.৩০বজাত সম্বোধন কৰিব সংবাদমেল ৷

১৯ আগষ্টৰ দিনটো গুৱাহাটীত কটাই ২০আগষ্টৰ পুৱাই আশীৰ্বাদ যাত্ৰাৰ অংশৰূপে নগাঁও (Nagaon) লোকসভা সমষ্টিলৈ ৰাওনা হ'ব সৰ্বানন্দ সোণোৱাল ৷ প্ৰথমে জাগীৰোডত মন্ত্ৰী পীয়ুষ হাজৰিকাই আয়োজন কৰা সভাত অংশ ল'ব কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীগৰাকীয়ে ৷ তাৰ পিছতে পথৰ কাষতে ধৰমতুলত থকা এটা মন্দিৰত সোমাই গ্ৰহণ কৰিব আশীৰ্বাদ ৷ সেইদিনাই গুৰুজনাৰ পবিত্ৰ স্থান বটদ্ৰৱা (Batadrawa)লৈ যাব সৰ্বানন্দ সোণোৱাল ৷ নগাঁৱত আয়োজিত কেইবাখনো সভাত ল'ব অংশ ৷

নগাঁও আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ আশীৰ্বাদ যাত্ৰা সমাপন কৰি নিশাটো কটাব কঁহৰাত ৷ কঁহৰাত নিশা থাকি ২১ আগষ্টৰ পুৱাই সৰ্বানন্দ সোণোৱাল যাব যোৰহাট লোকসভা সমষ্টিলৈ ৷ যোৰহাটৰ মৰিয়নী সমষ্টিকে ধৰি বিভিন্ন স্থানত সভা কৰি শেষত ঐতিহাসিক শিৱসাগৰ সমষ্টিত আশীৰ্বাদ যাত্ৰাত অংশ লৈ নিজ গৃহ জিলা ডিব্ৰুগড়লৈ যাব সোণোৱাল। ডিব্ৰুগড় লোকসভা সমষ্টিত আশীৰ্বাদ যাত্ৰাত অংশ ল'ব কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী গৰাকীয়ে ৷ এইদৰেই ১৯, ২০, ২১ আগষ্টত তিনিদিনীয়া আশীৰ্বাদ যাত্ৰাত অংশ ল'ব সোণোৱালে ৷

উল্লেখ্য যে, এই সমগ্ৰ যাত্ৰাত সৰ্বানন্দ সোণোৱালক সংগ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma), ৰাজ্যাক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া (Dilip Saikia)ৰ লগতে অসম চৰকাৰৰ অধিকাংশ মন্ত্ৰীয়ে ৷ এই সকলো কথা জনালে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷
Published by: Manjumoni Borah
First published: August 7, 2021, 9:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি