• Home
  • »
  • News
  • »
  • assam
  • »
  • নাজিৰাৰ গেলেকীত নৰকংকাল উদ্ধাৰকলৈ চাঞ্চল্য! ২০১৩ চনতে সন্ধানহীন হোৱা ব্যক্তিৰ নৰকংকাল বুলি সন্দেহ, আৰক্ষীৰ তদন্ত অব্যাহত

নাজিৰাৰ গেলেকীত নৰকংকাল উদ্ধাৰকলৈ চাঞ্চল্য! ২০১৩ চনতে সন্ধানহীন হোৱা ব্যক্তিৰ নৰকংকাল বুলি সন্দেহ, আৰক্ষীৰ তদন্ত অব্যাহত

আৰক্ষীয়ে উক্ত স্থানত খনন কৰি মানৱ শৰীৰৰ কিছু অস্থি (হাড়)  উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও প্ৰকৃত পৰীক্ষাৰ অন্ততহে  সত্য পোহৰলৈ অহাৰ অনুমান কৰা হৈছে ৷

  • Share this:
শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকীত নৰকংকাল উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনা অনুসৰি, সোমবাৰে ONGCৰ খনন কাৰ্য কৰিবৰ বাবে এখন তৈলক্ষেত্ৰ মেৰামতি কৰাৰ সময়ত কেইজনমান শ্ৰমিকে মাটিত গাত খান্দোতে উদ্ধাৰ হয় পচি যোৱা কাপোৰৰ টুকুৰা আৰু কেইটুকোৰামান হাড় ৷

শ্ৰমিককেইজনে পৰৰ্ৱতী সময়ত স্থানীয় লোকক এই বিষয়ে অৱগত কৰাত স্থানীয় লোকৰ সন্দেহ জন্মে। যিহেতু উক্ত অঞ্চলটোতে ২০১৩ চনত সন্ধানহীন হৈ আছিল এজন ব্যক্তি ৷ ২০১৩ চনৰ মে'  মাহতে হাটখুলাৰ অচ্যুত দত্ত নামৰ ব্যক্তিজন সন্ধানহীন হৈছিল ৷ নৰকংকাল আৰু পচিযোৱা কাপোৰ  উদ্ধাৰৰ খবৰ পাই সন্ধানহীন হৈ থকা ব্যক্তিজনৰ পৰিয়ালৰ লোকৰো সন্দেহ হয় আৰু ততাতৈয়াকৈ গেলেকী আৰক্ষীৰ কাষ চাপে ৷

পৰৱৰ্তী সময়ত গেলেকী দেওপানীৰ উক্ত অঞ্চলটোত নৰকংকাল বিচাৰি দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে অভিযান চলায় ৷ আৰক্ষীয়ে উক্ত স্থানত খনন কৰি মানৱ শৰীৰৰ কিছু অস্থি (হাড়)  উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও প্ৰকৃত পৰীক্ষাৰ অন্ততহে  সত্য পোহৰলৈ অহাৰ অনুমান কৰা হৈছে ৷

ইফালে সন্ধানহীন হৈ থকা ব্যক্তিজনৰ পত্নীয়ে উদ্ধাৰ হোৱা কাপোৰ টুকুৰা সমূহ পত্যক্ষ কৰি তেওঁৰ স্বামী অচ্যুত দত্তৰে বুলি দাবী কৰিছে ৷
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি