মুখ্যপৃষ্ঠা »খবৰ »অসম »Jorhat News : যোৰহাটৰ নিমাতীঘাটত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো কাৰ?

Jorhat News : যোৰহাটৰ নিমাতীঘাটত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো কাৰ?

ঘাটৰ সমীপত ব্ৰহ্মপুত্ৰৰ পাৰ্কুপাইনত লাগি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো পলিথিন আৰু পাটীৰে মেৰিয়াই থোৱা অৱস্থাত পোৱা গৈছে।

  • Share this:
যোৰহাটৰ নিমাতী ঘাটত বৃহস্পতিবাৰে বিয়লি এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিমাতীৰ অফলা ঘাটত ক্ষত–বিক্ষত অৱস্থাত ব্ৰহ্মপুত্ৰৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে এজন অচিনাক্ত যুৱকৰ মৃতদেহ।

ঘাটৰ সমীপত ব্ৰহ্মপুত্ৰৰ পাৰ্কুপাইনত লাগি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো পলিথিন আৰু পাটীৰে মেৰিয়াই থোৱা অৱস্থাত পোৱা গৈছে। মৃতদেহৰ পেট আৰু বুকু ফালি থোৱা অৱস্থাত উদ্ধাৰ হোৱাত এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

আৰু পঢ়ক : জোনমণি ৰাভা গোচৰত অভিযুক্ত ৰিয়াজুল ইছলাম CIDৰ জালত

বৃহস্পতিবাৰে বিয়লি ব্ৰহ্মপুত্ৰৰ কাষত পাৰ্কুপাইনত লাগি থকা এটা বস্তা প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰু খবৰ দিয়ে আৰক্ষীক। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত বস্তা খোলাৰ পাছতেই ক্ষতবিক্ষত অৱস্থাত থকা মৃতদেহটো প্ৰত্যক্ষ কৰে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। বাতৰি লিখা পৰলৈকে মুখমণ্ডল প্ৰায় উৱলি যোৱা মৃতদেহটোৰ চিনাক্তকৰণ হোৱা নাই। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

শেহতীয়া বাতৰি