চিকিৎসালয়ৰ সমগ্ৰ চৌহদ পানীত বুৰ গৈ এক অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰি আহিছে।
চিকিৎসালয়ৰ সমগ্ৰ চৌহদ পানীত বুৰ গৈ এক অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰি আহিছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত স্বাস্থ্যখণ্ডৰ যেন শ্মশান যাত্ৰা হ'বলৈ গৈ আছে। আবদ্ধ পানী, হাবি-জংঘলৰ ভাজত ভূতবাংলা নে চিকিৎসালয় ধৰিবকে নোৱাৰি। বছৰৰ পিছত বছৰ হাবি-জংঘল, পানীৰ মাজত নৰকসদৃশ পৰিৱেশৰ মাজত চিকিৎসক তথা স্বাস্থ্যকৰ্মীয়ে যেন এতিয়া সহাৱস্থান কৰিবলৈ অভ্যস্ত হৈ পৰিছে।
২২খন উপস্বাস্থ্য কেন্দ্ৰ সামৰি উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক চিকিৎসালয়ত বাজিছে এই বিপদ ঘণ্টা। স্বাস্থ্য বিভাগৰ কোটি টকীয়া বিজ্ঞাপনৰ এক বিপৰীতধৰ্মী ছবি দেখা গ'ল উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক চিকিৎসালয়ত।
চিকিৎসালয়খনৰ চৌদিশে এক ভয়ানক দৃশ্য, যি পৰিৱেশ সততে বিৰল। ৰোগীৰ বিছনাৰ পিছফালে হাবি-জংঘল আৰু চিকিৎসকৰ কোঠাৰ গাতে জংঘল আৰু এটি নিজে খন্দা গাতত আবদ্ধ পানী। চিকিৎসালয়ৰ সমগ্ৰ চৌহদ পানীত বুৰ গৈ এক অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰি আহিছে।
ৰোগীয়ে চিকিৎসালয়ত প্ৰৱেশ কৰিবলৈও গচকিব লাগে গেলা বোকা পানী। চিকিৎসালয়ৰ ঔষধ আৰু সামগ্ৰী ৰখা ঘৰতো গজালি মেলিছে বনে। উন্মুক্ত দৰ্জা-খিৰিকিৰে সোমায় সাপ-বেং সকলো।
উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক চিকিৎসালয়ত দৰমহাভোগী চাফাই কৰ্মী এগৰাকী আছে যদিও তেওঁৰ পৰিৱৰ্তে চিকিৎসালয়লৈ আহে হাজিৰা কৰা কৰ্মী। মুন বাছফৰ নামৰ চাফাই কৰ্মীজনে এনেদৰে চিকিৎসালয়ৰ কাম চলাই গৈছে।
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ উত্তৰ গুৱাহাটীত এখন উন্নত চিকিৎসালয়ৰ আশা ৰাইজে কৰিছে যদিও সেয়া হৈ উঠা নাই। খণ্ড প্ৰাথমিক চিকিৎসালয়খনতো নাই বিছনা কিম্বা সা-সুবিধা। ইফালে মূল্যৱান ডি জি মেচিন চিকিৎসালয়ৰ বাহিৰত আবদ্ধ পানীৰ ওপৰতে থকাত নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|