ভাৰতৰত্ন ড0 ভূপেন হাজৰিকাই উচ্চশিক্ষাৰ এছোৱা গ্ৰহণ কৰিছিল শতবৰ্ষ গৰকা ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয়ত (বৰ্তমান বিশ্ববিদ্যালয়)। ২৫ বছৰৰ পূৰ্বে মহাবিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল প্ৰাক্তন ছাত্ৰ ভূপেন হাজৰিকাই। অনুষ্ঠানস্থলীত অভূতপূৰ্ব ভিৰ। মঞ্চত ভূপেন হাজৰিকা, আনসকল অতিথিৰে কথাত মগ্ন। দৰ্শকসকলে সাংঘাতিক হুলস্থুলীয়া এক পৰিৱেশ সৃষ্টি কৰিছে। তেনেতে হঠাৎ ভূপেনদা মাইকৰ সন্মুখলৈ আহিল আৰু উপস্থিত লোকসকলক উদ্দেশ্যি ক’লে – “Who is so Uncottonian here?” মুহূৰ্ততে কাঁহ পৰি জিন গ’ল অস্থায়ী সভাগৃহ।
এই মিঠা স্মৃতি কিছু বছৰৰ আগতে দিল্লীত ৰোমন্থন কৰিছিল জ্যেষ্ঠ সাংবাদিক সন্দীপ ফুকনে। বেচৰকাৰী প্ৰতিষ্ঠান Care Luit–এ দিল্লীত ২০১৩চনত ভূপেন হাজৰিকাৰ স্মৃতিত পতা এক অনুষ্ঠানত সদৰী কৰিছিল এই কাহিনী। সেই অনুষ্ঠানটোত ভূপেনদাৰ পুত্ৰ তেজ হাজৰিকায়ো অংশগ্ৰহণ কৰিছিল। উপস্থিত আছিল সেই সময়ৰ বিজেপি নেতা চন্দন মিত্ৰ।
উল্লেখযোগ্য যে চন্দন মিত্ৰই ভূপেন হাজৰিকাক ২০০৪ চনত নিৰ্বাচন খেলিবলৈ সন্মত কৰোৱাৰ কাৰণে দুখ প্ৰকাশ কৰিছিল। Care Luitৰে জড়িত সমাজকৰ্মী মুকুট লোচন কলিতাই News18ৰে হোৱা এক বাৰ্তালাপত ৭ বছৰৰ আগতে বিজেপি দলৰ নেতা এজনে এনেদৰে অকপতে কৰা স্বীকাৰোক্তিটোক ৰোমন্থন কৰে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 08, 2020, 18:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।