তিতালাও গজিল তীখা প্ৰকল্পৰ ভেঁটিত

স্বাৱলম্বী যুৱকৰ কল আৰু কুঁহিয়াৰ খেতি পথাৰ অধিগ্ৰহণ কৰি মিথ্যাচাৰ

news18assam
Updated:April 16, 2019, 2:02 PM IST
তিতালাও গজিল তীখা প্ৰকল্পৰ ভেঁটিত
স্বাৱলম্বী যুৱকৰ কল আৰু কুঁহিয়াৰ খেতি পথাৰ অধিগ্ৰহণ কৰি মিথ্যাচাৰ
news18assam
Updated: April 16, 2019, 2:02 PM IST
শ্ৰীমন্ত দাস, বাইহাটা : ৰাইজক প্ৰতিশ্ৰুতি আৰু আশ্বাস প্ৰদান কৰি শাসনৰ গাদীত বহা প্ৰতিখন চৰকাৰেই মচনদ দখলৰ পিছত পাহৰি যায় জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি–আশ্বাসৰ কথা। নিৰ্বাচনৰ পূৰ্বে স্থাপন কৰা বিভিন্ন প্ৰকল্প, আঁচনিৰ আধাৰশিলা আধাৰশিলা হৈয়ে ৰয় চৰকাৰৰ সদিচ্ছাৰ অভাৱত। তেনে এটা প্ৰকল্প হ’ল বাইহাটা চাৰিআলিৰ কমলপুৰৰ দগাঁৱত স্থাপন কৰা তীখা প্ৰকল্প।

১৯৯৭ চনতে আধাৰশিলা স্থাপন কৰা হৈছিল উত্তৰ কামৰূপৰ এই বৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগটোৰ। দগাঁৱৰ গো–চৰণীয়া পথাৰত আধাৰশিলা স্থাপন কৰা প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য প্ৰথম অৱস্থাত ঠিকেই চলিছিল। কিন্তু পিছত লাহে লাহে স্থবিৰ হৈ পৰে প্ৰকল্পটোৰ নিৰ্মাণৰ কাম। প্ৰায় ১০০ বিঘা ভূমিত স্থাপন কৰিবলৈ লোৱা প্ৰকল্পটোৱে অঞ্চলটোৰ নিবনুৱাসকলৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিব বুলি আশা কৰিছিল অঞ্চলটোৰ ৰাইজে। কিন্তু সেই আশা আজিও বাস্তৱত ৰূপায়িত নহ’ল।

পূৰ্বে এই গো–ৰিজাৰ্ভখনত একাংশ নিবনুৱা যুৱকে কল আৰু কুঁহিয়াৰৰ খেতি কৰি স্বাৱলম্বিতাৰ পথ মুকলি কৰিছিল। কিন্তু বৃহৎ উদ্যোগটো স্থাপন হোৱাৰ আশাত সেই ভূমি এৰি দিছিল কৃষকসকলে। সকলোৱে আশা কৰিছিল উদ্যোগটো স্থাপন হ’৸লে কৰ্মসংস্থাপন লাভ কৰিব অঞ্চলটোৰ নিবনুৱাসকলে।

অঞ্চলটোৰ ৰাইজে এতিয়া দাবী তুলিছে, হয় তীখা উদ্যোগটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰক, নহ’লে SAIL-এ এৰি দিয়ক ভূমি। সেই ভূমিত পুনৰ কৃষিকাৰ্য আৰম্ভ কৰিব অঞ্চলটোৰ লোকে।

এডভাণ্টেজ আছামৰ জৰিয়তে ৰাজ্যলৈ দেশৰ উদ্যোগপতিৰ আগমন ঘটিব বুলি চৰকাৰে ঘোষণা কৰিছে। পূৰ্বৰ বহু আধৰুৱা প্ৰকল্প সম্পূৰ্ণ কৰি কৃতিত্ব লোৱা এইখন চৰকাৰৰ চকুত পৰিবনে বাইহাটাৰ এই আধৰুৱা প্ৰকল্পটোত?

প্ৰথম পৰ্যায়ৰ হাই প্ৰফাইল নেতাৰ ভোটদানৰ ছবি :
আৰু চাওক পৰৱৰ্তী বাতৰি