ৰাজ্য চৰকাৰে প্ৰথম বৰ্ষপূৰ্তিৰ ভিতৰত ৰাজ্যৰ এক লাখ নিবনুৱাৰ হাতত নিযুক্তিপত্ৰ তুলি দিব বুলি ইতিমধ্যে কথা দিছে। তাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা( Himanta Biswa Sarma)ই সকলো বিভাগতে খালী হৈ থকা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে। গঠন কৰি দিছে কমিটী। সেইদৰে স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ আৰু গৃহ বিভাগে ইতিমধ্যে খালী পদৰ বাবে জাৰি কৰিছে বিজ্ঞাপন।
এনে চৰ্চা চলি থকাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে পুনৰ ১ লাখ চাকৰি প্ৰদানৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায়। অসম বিধানসভা অধিৱেশনৰ প্ৰস্তুতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, 'আগন্তুক বিধানসভা অধিৱেশনত ৩-৪ খন বিধেয়ক উত্থাপন হ'ব। নতুন বছৰত ১ লাখ চাকৰি প্ৰদানৰ পথ প্ৰশস্ত হ'ব।'
উল্লেখ্য যে, বিভিন্ন মিডিয়া ৰিপৰ্ট অনুসৰি, ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ বাবে নিযুক্তি প্ৰক্ৰিয়াৰ পৰীক্ষা পদ্ধতি সলনি কৰাৰ চিন্তা চৰ্চা কৰিছে। নিযুক্তি প্ৰক্ৰিয়া খৰটকীয়া কৰিবলৈ এটাই Common Test অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰিছে। ফলত ২০২২ চনৰ পৰা সুকীয়া সুকীয়া কৈ বিভাগ সমূহে নিযুক্তি পৰীক্ষা অনুষ্ঠিত নকৰিব পাৰে।