এফালে CAAৰ সমৰ্থন অগপৰ তিনি মন্ত্ৰীৰ, আনফালে CAA বিৰোধিতাৰে বৃন্দাবন গোস্বামীৰ নেতৃত্বত প্ৰতিবাদ

News18 Assam | News18-Assam
Updated:December 15, 2019, 8:29 PM IST
এফালে CAAৰ সমৰ্থন অগপৰ তিনি মন্ত্ৰীৰ, আনফালে CAA বিৰোধিতাৰে বৃন্দাবন গোস্বামীৰ নেতৃত্বত প্ৰতিবাদ
নাগৰিত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি দুভাগত বিভক্ত হোৱাৰ উপক্ৰম হৈছে অসমৰ ‘আঞ্চলিক দল’ অসম গণ পৰিষদ

নাগৰিত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি দুভাগত বিভক্ত হোৱাৰ উপক্ৰম হৈছে অসমৰ ‘আঞ্চলিক দল’ অসম গণ পৰিষদ

  • Share this:
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। সংশোধিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে ৰাজ্যৰ সৰ্বস্তৰৰ জনতা। সেইসময়তে নাগৰিত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি দুভাগত বিভক্ত হোৱাৰ উপক্ৰম হৈছে অসমৰ ‘আঞ্চলিক দল’ অসম গণ পৰিষদ।

এফালে ক্ষমতাৰ মোহত অন্ধ হৈ অসমীয়া ভাষা–সংস্কৃতিলৈ পিঠি দি মন্ত্ৰীত্বৰ লালসাত তিনি অগপ মন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী আইনৰ পক্ষত অৱস্থান লৈ ৰাইজৰ ৰোষত পৰাৰ সময়তে দলটোৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামী, বিধায়ক পবীন্দ্ৰ ডেকাৰ নেতৃত্বত মহানগৰত বিতৰ্কিত আইন খনৰ বিৰুদ্ধে প্ৰতিবাদত বহিছে আন একাংশ অগপ কৰ্মীয়ে। CAAৰ সমৰ্থনকাৰী দলীয় নেতৃত্বৰ বিৰুদ্ধে প্ৰাক্তন সভাপতি বিধায়ক বৃন্দাবন গোস্বামী আৰু বিধায়ক পবিন্দ্ৰ নাথ ডেকাৰ লগতে  অগপৰ মহানগৰ সমিটিয়ে সভাপতি অতুল বৰা, কাৰ্য্যকৰি সভাপতি কেশৱ মহন্ত, মন্ত্ৰী ফনিভূষন চৌধুৰী আৰু সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ পদত্যাগৰ দাবী কৰিছে।

ইফালে অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীৰ ভুমিকাত ক্ষোভ প্ৰকাশ কৰি এখনৰ পিছত সিখন জিলা, মণ্ডল পৰ্যায়ৰ সমিতিয়ে ত্যাগ কৰিছে অসম গণ পৰিষদ।
আৰু চাওক
পৰৱৰ্তী বাতৰি