সফলতা লাভ কৰাত যে দৰিদ্ৰতা কেতিয়াও হেঙাৰ নহয়, সেই কথাষাৰ যেন আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে বজালীৰ ৰাহুল দাসে। এখন সাধাৰণ চাহ দোকান দি পৰিয়াল পোহপাল দিয়া মাতৃয়ে অশেষ কষ্টৰ মাজেৰে পঢ়ুৱাইছিল ৰাহুলক। ৰাহুলেও সহায় কৰিছিল মাতৃক। আৰু সেই ৰাহুলে এতিয়া সৰ্বভাৰতীয় NEET পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। এতিয়া ৰাহুলক সহায়ৰ আশ্বাস দিছে মন্ত্ৰী ৰণজিত দাসে।
ইয়াৰ পূৰ্বে Cipetত প্লাষ্টিক ইঞ্জিনিয়াৰিঙৰ ডিপ্লমা পাঠ্যক্ৰমো সম্পূৰ্ণ কৰিছে ৰাহুল দাসে। পাটাছাৰকুছিত এতিয়াও মাতৃৰ সৈতে সৰু চাহৰ দোকান দিয়া ৰাহুলে ভৱিষ্যতৰ দিনত এজন সু-চিকিৎসক হৈ মানৱ সেৱা কৰিব বিচাৰে।
শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়লৰ পৰীক্ষাত পুত্ৰ ৰাহুলে লাভ কৰা সাফল্যৰ খবৰে মাকৰ চকুলৈ বোৱাই আনিছে আনন্দৰ চকুপানী। সৰুৰে পৰা বিজ্ঞানৰ প্ৰতি আগ্ৰহী ৰাহুলে স্কুলত পঢ়া সময়ছোৱাতো বিজ্ঞানৰ মডেল সাজি নিজৰ পাৰদৰ্শিতাৰ পৰিচয় দিছিল৷
ৰাহুলৰ বিজ্ঞানৰ মডেল নেচনেল চাইঞ্চ কংগ্ৰেছত প্ৰশংসিত হৈছিল৷ বজালী উচ্চতৰ মাধ্যমিক পঢ়া ৰাহুলে একাদশ আৰু দ্বাদশ শ্ৰেণী পাটাছাৰকুছি বিদ্যাপীঠত পঢ়িছিল৷ নিজৰ একেবাৰেই সীমিত সুবিধাৰে আৰু একাগ্ৰতা তথা মনোবলেৰে শেষত সপোনৰ বাট বিচাৰি পালে ৰাহুল দাসে৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|