নতুন যান বাহন আইনঃ অসমত ৩ দিনত সংগ্ৰহ ৩২লাখ টকা, ৰাজহ সংগ্ৰহৰ শীৰ্ষত কোন জিলা?

নতুন নিয়মক লৈ কঠোৰ হৈছে পৰিবহন বিভাগ আৰু প্ৰশাসন।

News18-Assam
Updated:September 27, 2019, 6:23 PM IST
নতুন যান বাহন আইনঃ অসমত ৩ দিনত সংগ্ৰহ ৩২লাখ টকা, ৰাজহ সংগ্ৰহৰ শীৰ্ষত কোন জিলা?
নতুন নিয়মক লৈ কঠোৰ হৈছে পৰিবহন বিভাগ আৰু প্ৰশাসন।
News18-Assam
Updated: September 27, 2019, 6:23 PM IST
ৰাজ্যত নতুন যান–বাহন আইন বলৱৎ হোৱাৰ পিছতে তৎপৰতাৰে সংগ্ৰহ হৈছে লাখ লাখ টকাৰ ৰাজহ। এফালে সজাগতা কাৰ্যসূচী আনহাতে আইন ভংগকাৰীৰ পৰা জৰিমনা সংগ্ৰহেৰে  তৎপৰ হৈছে জিলা পৰিবহন বিভাগ আৰু যান বাহন আৰক্ষী । নতুন আইন বলৱৎ হোৱাৰ পিছতে তিনিদিনত মুঠ ৩২লাখ টকা জৰিমনাৰূপে সংগ্ৰহ কৰা হৈছে। আইন ভংগকাৰীৰ পৰা ৰাজহ সংগ্ৰহৰ শীৰ্ষত আছে শিৱসাগৰ জিলা। শিৱসাগৰত সৰ্বাধিক ৩লাখ ৭৭হাজাৰ টকা জৰিমনা সংগ্ৰহ কৰা হৈছে। আনহাতে কামৰূপ মেট্ৰ’ত বৃহস্পতিবাৰৰ দিনটোত সংগ্ৰহ কৰা হয় ২লাখ ৭৭হাজাৰ টকা জৰিমনা।

যান–বাহনৰ অভিযানৰ সময়সূচী সলনি কৰাৰ সিদ্ধান্ত লৈছে বিভাগে। দিনৰ অন্য সময়ৰ পৰিৱৰ্তে দৈনিক পুৱা আৰু সন্ধিয়া ৰাজপথত যান–বাহনৰ ওপৰত অভিযান চলোৱা হ’ব। ৰাজপথৰ সলনি জনবসতি পূৰ্ণ অঞ্চলৰ পথ সমূহত পৰিবহন বিভাগে চলাব অভিযান । এই নতুন নিয়মৰ আওতাত চিটি বাছ আৰু মেট্ৰো টেক্সি চালক সকলে ডিঙিত আঁৰি লব লাগিব চিনাক্তকৰণ পত্ৰ। এই পত্ৰত থাকিব লাগিব চালকৰ নাম, ঠিকনা, ফটো আৰু পৰিবহন বিষয়াৰ চহী।

উল্লেখযোগ্য যে, ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ লোৱাৰ সমান্তৰালকৈ আজি মহানগৰীৰ বেতকুছিত স্থিত ৰয়লে গ্লবেল বিশ্ববিদ্যালয়ত কামৰূপ জিলা পৰিবহন বিভাগে আয়োজন কৰে এক সজাগতা মূলক সভা । সভাত ভাষন প্ৰদান কৰে জিলা পৰিবহন বিভাগৰ আয়ুক্ত বীৰেন্দ্ৰ মিট্টাল, পৰিবহন বিষয়া অৰুন বৰা,বাপন কলিতাকে ধৰি ভালে কেইজন বিভাগীয় কৰ্তপক্ষই । সভাত কামৰূপ জিলাৰ অধীনত থকা প্ৰায় সমুহ বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী সকলক সজাগতা মুলক প্ৰশিক্ষন দিয়াৰ লগতে লিফলেট প্ৰদান কৰে । ছাত্ৰ ছাত্ৰী সকলক বিদ্যালয়ত সজাগ কৰিবলৈ আহ্বান জনায় আয়ুক্ত মহোদয়ে ।

 
আৰু চাওক পৰৱৰ্তী বাতৰি