লকডাউনৰ আগতে আছিল ১৫টকা এতিয়া হ'লগৈ ৫০টকা, সৰ্বসাধাৰণ ৰাইজৰ মূৰত মাধমাৰ!

News18 Assam | News18-Assam
Updated:September 15, 2020, 4:29 PM IST
লকডাউনৰ আগতে আছিল ১৫টকা এতিয়া হ'লগৈ ৫০টকা, সৰ্বসাধাৰণ ৰাইজৰ মূৰত মাধমাৰ!
অহা ২১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ মুকলি হোৱাৰ কথা। কিন্তু বৰ্ধিত হাৰত ভাড়া প্ৰদান কৰি হয়তো শিক্ষানুষ্ঠানলৈ অহা-যোৱা কৰিব নোৱাৰিব বহু ছাত্ৰ-ছাত্ৰীয়ে।

অহা ২১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ মুকলি হোৱাৰ কথা। কিন্তু বৰ্ধিত হাৰত ভাড়া প্ৰদান কৰি হয়তো শিক্ষানুষ্ঠানলৈ অহা-যোৱা কৰিব নোৱাৰিব বহু ছাত্ৰ-ছাত্ৰীয়ে।

  • News18 Assam
  • Last Updated: September 15, 2020, 4:29 PM IST
  • Share this:
বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা কোভিড–১৯ৰ বাবে হোৱা লকডাউনত আৰ্থিকভাৱে জুৰুলা হৈছিল সৰ্বসাধাৰণ জনতা। বন্ধ হৈ পৰিছিল বহু লোকৰ আৰ্থিক উপাৰ্জনৰ পথ। কিন্তু এতিয়া লাহে লাহে মুকলি হৈছে ৰাজ্যৰ দোকান-পোহাৰ। মুকলি হৈছে সীমিত সংখ্যক যাত্ৰীৰ সামাজিক ব্যৱধান বৰ্তাই বাণিজ্যিক বাহনৰ চলাচলো। পিছে সামাজিক ব্যৱধানৰ অচিলা লৈ এচাম চালকে নিজৰ ইচ্ছা অনুসৰি বৃদ্ধি কৰিছে ভাড়া। বাছ, ট্ৰেভেলাৰসমূহত সামাজিক ব্যৱধানৰ দিশটোক ধোঁৱাচাঙত তুলি দুগুণৰ পৰা তিনিগুণ হাৰত যাত্ৰীৰ পৰা আদায় কৰিছে ভাড়া। বিশেষকৈ টেম্প'ৰ চালকসসকলে ব্যাপক হাৰত কৰা ভাড়াবৃদ্ধিয়ে সৰ্বস্বান্ত কৰিছে সাধাৰণ ৰাইজক।

উদাহৰণস্বৰূপে, নগাঁও জিলাত লকডাউনৰ পূৰ্বৰ আৰু এতিয়াৰ ভাড়াৰ মাজত আকাশ-পাতাল পাৰ্থক্য। লকডাউনৰ পূৰ্বে নগাঁৱৰ পৰা পুৰণিগুদামলৈ ভাড়া আছিল ১৫টকা এতিয়া হ'লগৈ ৫০টকা, নগাঁৱৰ পৰা বঢ়মপুৰলৈ ভাড়া আছিল ১৫টকা এতিয়া হ'লগৈ ৪০টকা, নগাঁৱৰ পৰা চামগুৰিলৈ ভাড়া আছিল ২৫টকা এতিয়া হ'লগৈ ৭০ৰ পৰা ৯০টকা। এইদৰে নগাঁৱৰ ননৈ, কঠিয়াতলি, কামপুৰ, ৰহা, ডিমৌ আদি ঠাইলৈ অনিয়ন্ত্ৰিত হাৰত বৃদ্ধি পোৱা ভাড়াৰ নিৰিখে সৰ্বস্বান্ত কৰিছে ৰাইজক।

স্মৰ্তব্য যে, অহা ২১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ মুকলি হোৱাৰ কথা। কিন্তু বৰ্ধিত হাৰত ভাড়া প্ৰদান কৰি হয়তো শিক্ষানুষ্ঠানলৈ অহা-যোৱা কৰিব নোৱাৰিব বহু ছাত্ৰ-ছাত্ৰীয়ে। সেয়ে এইক্ষেত্ৰত জিলা প্ৰশাসন তথা পৰিবহণ বিভাগে শীঘ্ৰে উচিত ব্যৱস্থা নল’লে যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব সৰ্বসাধাৰণ ৰাইজৰ মাজত।
Published by: Sanjay Kumar Das
First published: September 15, 2020, 4:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading