உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • শক্তিপীঠ কামাখ্যা ধামত কি পৰিৱেশ? কেতিয়া মা কামাখ্যাৰ দৰ্শন পাব ভক্তই?

    শক্তিপীঠ কামাখ্যা ধামত কি পৰিৱেশ? কেতিয়া মা কামাখ্যাৰ দৰ্শন পাব ভক্তই?

    Source-Google

    Source-Google

    দেৱীপীঠ সুৰক্ষিত বুলি নাভাবিলে মুকলি নহয় ভক্তৰ বাবে দেৱালয়৷

    • Share this:
    এই মূহুৰ্তত সকলোৰে মনত এটা প্ৰশ্ন আহিছে৷ কেতিযা খুলিব লকডাউন? নে ৩ মে’ৰ পিছত পুনৰ বৃদ্ধি হ’ব লকডাউন৷ লকডাউন খুলিলে খুলিবনে নীলাচলৰ মা কামাখ্যা ধাম? স্বাভাৱিকতে এতিয়া এই প্ৰশ্ন প্ৰতিগৰাকী ভক্তৰ মনত৷ কিয়নো পূৰ্বৰ দৰে নহয় এইবাৰ অম্বুবাচী মেলা৷ দুদিন পূৰ্বে আনুষ্ঠানিকভাৱে কামাখ্যা দেৱালয়ে প্ৰকাশ কৰিছে এই কথা৷ বিপৰীতে ধৰ্মীয় নীতি–নিয়মৰ মাজতে আবদ্ধ থাকিব এইবাৰৰ মেলা৷ যাক লৈ অধিক উৎকণ্ঠিত মাৰ ভক্ত৷ ভক্তৰ আশা, অম্বুবাচীত নহ’লেও তাৰ পূৰ্বে দৰ্শন কৰিব কামাখ্যা মন্দিৰ৷ লকডাউন খুলিলেই ভক্ত আহিব মাৰ ওচৰলৈ৷ পিছে, কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ স্পষ্ট স্থিতি - লকডাউন খুলিলেও নুখুলিব পাৰে কামাখ্যা ধাম৷

    দেৱীপীঠ সুৰক্ষিত বুলি নাভাবিলে মুকলি নহয় ভক্তৰ বাবে দেৱালয়৷ দেশৰ লকডাউন শিথিল কৰাৰ পিছত ৰাজ্য চৰকাৰৰ সৈতে আলোচনাত বহিব দেৱালয় কৰ্তৃপক্ষ৷ আলোচনাৰ পিছতহে ভক্তৰ দৰ্শন সন্দৰ্ভত ল’ব সিদ্ধান্ত৷ ইপিনে মাৰাত্মক ভাইৰাছবিধ সম্পূৰ্ণৰূপে প্ৰতিৰোধ নোহোৱা পৰ্যন্ত সাৱধানতা গ্ৰহণৰ সিদ্ধান্ত কৰ্তৃপক্ষৰ৷ যাৰ বাবে সামজিক ব্যৱধান, চাবোন পানীৰে হাত ধোৱা অনাগত দিনবোৰত হ’ব বাধ্যতামূলক৷

    এইক্ষেত্ৰত জনতাই সঁহাৰি জনাব বুলি আশাবাদী পৰিচালনা সমিতি৷ এক কথাত কব পাৰি যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদি কেনেবাকৈ ৩ মে’ত লকডাউন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে তেনে সময়তো এদিন বা দুদিন পাছত নীলাচনৰ মা কামাখ্যা ধাম খুলিব যে তাত সন্দেহ আছে।
    Published by:Sanjay Kumar Das
    First published: