• Home
  • »
  • News
  • »
  • assam
  • »
  • ৪৮ঘণ্টালৈকে নাহে ম’বাইল ইণ্টাৰনেট! শলঠেকত ১২,০০০ অসমীয়া অ’লা–উবেৰ চালক, আত্মহত্যাৰ হুংকাৰ

৪৮ঘণ্টালৈকে নাহে ম’বাইল ইণ্টাৰনেট! শলঠেকত ১২,০০০ অসমীয়া অ’লা–উবেৰ চালক, আত্মহত্যাৰ হুংকাৰ

গাড়ী চলোৱা অসমীয়া ল’ৰা এটাই নিজৰ সন্তানৰ কাৰণে আধালিটাৰ গাখীৰ কিনিব নোৱাৰি মোৰ ওচৰত কান্দিছে, আমাৰ ব্যৱসায় ম’বাইল ইণ্টাৰনেটৰ জৰিয়তে চলে, আমি কেনেকৈ খাম, কেনেকৈ বেংক লোন আদায় দিম? কেব চালকৰ প্ৰশ্ন

গাড়ী চলোৱা অসমীয়া ল’ৰা এটাই নিজৰ সন্তানৰ কাৰণে আধালিটাৰ গাখীৰ কিনিব নোৱাৰি মোৰ ওচৰত কান্দিছে, আমাৰ ব্যৱসায় ম’বাইল ইণ্টাৰনেটৰ জৰিয়তে চলে, আমি কেনেকৈ খাম, কেনেকৈ বেংক লোন আদায় দিম? কেব চালকৰ প্ৰশ্ন

গাড়ী চলোৱা অসমীয়া ল’ৰা এটাই নিজৰ সন্তানৰ কাৰণে আধালিটাৰ গাখীৰ কিনিব নোৱাৰি মোৰ ওচৰত কান্দিছে, আমাৰ ব্যৱসায় ম’বাইল ইণ্টাৰনেটৰ জৰিয়তে চলে, আমি কেনেকৈ খাম, কেনেকৈ বেংক লোন আদায় দিম? কেব চালকৰ প্ৰশ্ন

  • Share this:
মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰাক লৈ দিয়া নিৰ্দেশৰ পুনৰীক্ষণৰ আৱেদন কৰিছে অসম চৰকাৰে। চাৰিখনকৈ ৰাজহুৱা স্বাৰ্থজৰিত আৱেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে আবেলিৰ ভিতৰত ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰাৰ নিৰ্দেশ দিছিল কিন্তু চৰকাৰৰ তৰফৰ পৰা মহাধিবক্তাই আইন–শৃংখলাজনিত কাৰণৰ দোহাই দি এই নিৰ্দেশৰ পুনৰীক্ষণৰ আৱেদন কৰে। ইয়াৰ লগে লগে কমেও ৪৮ঘণ্টালৈকে ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ নোহোৱাৰ আশংকা স্পষ্ট হৈ পৰিছে।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সপ্তাহজোৰা প্ৰতিবাদ, হিংসাত্মক ঘটনাৱলী আৰু সান্ধ্য আইনৰ মাজেৰে আহি মঙলবাৰে কিছু  যেন স্বাভাৱিক জীৱনযাত্ৰা ঘুৰি আহিছে গুৱাহাটী আৰু কেতবোৰ ঠাইলৈ। সান্ধ্য আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ লগে লগে ব্যস্ত গুৱাহাটীৰ ৰাজপথ পুনৰ উভতি গৈছে দৈনন্দিন জীৱনযাত্ৰালৈ। কিন্তু সকলো ‘স্বাভাৱিক’ হোৱাৰ পিছতো একাংশ মহানগৰীৰ বাসিন্দাই জীৱন যুদ্ধক লৈ সংশয়ত ভুগিছে। এইসকল হৈছে এপ বেছড কেব চাৰ্ভিছ অ’লা–উবেৰৰ চালক। এওঁলোকৰ জীৱন সংগ্ৰামত ম’বাইল ইণ্টাৰনেট অপৰিহাৰ্য অংগ। যোৱা সাতটা দিনে তেওঁলোকৰ উপাৰ্জন শূণ্য। সান্ধ্য আইন প্ৰত্যাহাৰ কৰি ব্ৰডবেণ্ড চাৰ্ভিছ পুনৰ আৰম্ভ কৰাৰ পিছতো তেওঁলোকৰ ব্যৱসায় স্তব্ধ হৈ আছে। চৰকাৰে ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰাক লৈ হোঁহকা–পিচলা কৰি থকাক লৈ তীব্ৰ ক্ষোভ অসমীয়া কেব ড্ৰাইভাৰ সকলৰ। শীঘ্ৰে এই সেৱা মুকলি নকৰিলে ১২,০০০কেব চালকে নিজৰ নিজৰ গাড়ী জিএছ ৰোডত থৈ ভয়ংকৰ ট্ৰেফিক জামৰ সৃষ্টি কৰি প্ৰতিবাদ কৰাৰ হুংকাৰ দিছে।

"আমি প্ৰতিদিনে ১৮ঘণ্টামান কাম কৰো। দৈনিক ১৫০০ৰ পৰা ২০০০টকা উপাৰ্জন কৰো। তাৰে আমাৰ বহুতেই মাহেকীয়া ইএমআই ১০হাজাৰ টকামান আদায় দিয়ে, পৰিয়াল চাব লাগে, আমি কেনেকৈ তিষ্ঠি থাকিম? চৰকাৰে কিয় নুবুজে?" অল আছাম কেব অপাৰেটৰ্ছ ইউনিয়নৰ সভাপতি ইছমাইল আলীয়ে ক্ষোভেৰে কয়।

কমেও ১২,০০০ অসমীয়া চালকে ৰাজপথত গাড়ী চলাই ভাত মোকোলাই আছে আৰু চৰকাৰে তেওঁলোকৰ কথা এবাৰো চিন্তা নকৰাৰ ক্ষোভত মঙলবাৰে কেব চালকসকলে গুৱাহাটীৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গামোচা মাৰি ৰাজপথত মিছিল কৰি জনতা ভৱনৰ দিশে ৰাওনা হওতে অ’লা–উবেৰ চালকসকলক আৰক্ষীয়ে বাধা প্ৰদান কৰে।

অসমত চলি থকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদলৈ পূৰ্ণ সমৰ্থন আগবঢ়াই জীৱনযাত্ৰা স্বাভাৱিক কৰিবলৈ আহ্বান জনায় কেব চালকসকলে।

"আত্মহত্যাৰ বাহিৰে আমাৰ হাতত আৰু কি উপায় আছে? এজন সতীৰ্থই নিজৰ সন্তানৰ কাৰণে আধা লিটাৰ গাখীৰ কিনিব নোৱাৰি মোৰ ওচৰত কান্দিছে, আমি পৰিয়ালক চামেই নে ইএমআই ভৰিম? নিগমে মৰিছো।" কেব অপাৰেটৰ্ছৰ নেতা ইছমাইল আলীয়ে News18ক কয়।

অসমক দ্বিতীয় কাশ্মীৰ নকৰিব, ইণ্টাৰনেট সেৱা শীঘ্ৰেই আৰম্ভ কৰক আজি শ্লোগান লিখা প্লে’কাৰ্ড লৈ ৰাজপথত প্ৰতিবাদ কৰে কেব চালকসকলে। 

আনহাতে কম খৰছী অ’লা–উবেৰ কেবৰ অনুপস্থিতিৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে একাংশ অসাধু অট’ৰিক্সা আৰু ব্যক্তিগত টেক্সী চালকে। যধে–মধে ভাড়া লৈ যাত্ৰীক বিপাঙত পেলাইছে এইসকল চালকে।

"হাতীগাঁৱৰ পৰা গণেশগুৰিলৈ ৫০০ টকা কোনোবাই বিচাৰে  নে কি? কালি গধূলি এজনে বিচাৰিছিল। এইবোৰ ডকাইতি।চৰকাৰে চোৱা উচিত।" এগৰাকী ভুক্তভোগী যুৱতীয়ে কয়।

কেৱল অ’লা–উবেৰ চালকেই নহয় মহানগৰীত স্বতন্ত্ৰ ব্যৱসায়ীৰ শেহতীয়া পচন্দৰ ধাৰণা ক্লাউড কিটচেনৰ গৰাকীসকলো ম’বাইল ইণ্টাৰনেট নথকাৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হৈছে। ক্লাউড কিটচেন হৈছে কোনো ধৰণৰ ৰেষ্টুৰেণ্ট নথকাকৈ ঘৰৰ পৰা বা কোনো সুবিধাজনক ঠাইত পাকঘৰৰ ব্যৱস্থা কৰি অনলাইন এপৰ জৰিয়তে খাদ্য ডেলিভাৰী কৰা এটা বিশেষ ব্যৱসায়িক ধাৰণা। দেশৰ আন আন ঠাইৰ লগতে গুৱাহাটীতো এই ধাৰণা শেহতীয়াকৈ যথেষ্ট জনপ্ৰিয় হৈ পৰিছে আৰু কমেও ২০–২৫টা ক্লাউড কিটচেনে বিভিন্ন ডেলিভাৰী এপ যেনে ছুইগী, জমেট’, উবেৰ ইটছ আদিৰ জৰিয়তে খাদ্য ক্ৰেতাক যোগান ধৰি আহিছে। এইসমূহৰ সৈতেও নতুনকৈ ব্যৱসায়িক ক্ষেত্ৰৰ সৈতে জৰিত হৈ পৰা বহুতো অসমীয়া খাদ্য উদ্যোগী জৰিত হৈ আছে। এওঁলোকো এতিয়া ব্যাপক সমস্যাৰ সন্মুখীন হৈছে।

গুৱাহাটীৰ নতুনকৈ জনপ্ৰিয় হোৱা এনে এক ক্লাউড কিটচেন ‘য়েছ বিৰিয়ানী’ৰ স্বত্বাধিকাৰীয়ে কয়, "আমি দৈনিক ১৫হাজাৰৰ পৰা ২০হাজাৰ টকাৰ ব্যৱসায় কৰো। যোৱা এটা সপ্তাহত আমাৰ প্ৰায় ১লাখৰো অধিক টকাৰ ব্যৱসায় লোকচান হৈছে। নতুনকৈ ব্যৱসায় আৰম্ভ কৰা এজন স্বতন্ত্ৰ উদ্যোগীৰ কাৰণে এইটো ডাঙৰ লোকচান।"

অসমীয়াই ব্যৱসায় নকৰে, কাম নকৰে বুলি সততে উঠা অভিযোগ নস্যাৎ কৰি বিভিন্ন সৰু ডাঙৰ কামত জৰিত হৈ পৰা অসমীয়া নৱপ্ৰজন্ম এনেকৈ আক্ৰান্ত হোৱাত উদ্বিগ্নতা প্ৰকাশ কৰিছে বিভিন্ন পক্ষই। যদিহে ম’বাইল ইণ্টাৰনেট সেৱা শীঘ্ৰে আৰম্ভ নহয়, এইসকল ব্যৱসায়ী অধিক শলঠেকত পৰাৰ আশংকাই সৰহ।

ম’বাইল ইণ্টাৰনেট সেৱা ব্যাহত হোৱাৰ ফলত এতিয়া যথেষ্ট অসুবিধাত পৰিছে খাৰখোৱা ফুডছ্। খাৰখোৱা ফুডছৰ স্বত্বাধিকাৰী দেবাংগ পল্লৱ শইকীয়াই কয় যে, ইণ্টাৰনেট সেৱা ব্যাহত হৈ থকাৰ ফলত প্ৰতিষ্ঠানটোৱে পোৱা নাই প্ৰাপ্য ধন। গাঁৱৰ মহিলাসকলকো তেওঁলোকৰ প্ৰাপ্য দিব পৰা নাই ফলস্বৰুপে সকলো অভাৱত পৰিছে। উল্লেখযোগ্য যে, ইণ্টাৰনেট ব্যাহত হৈ থকাৰ ফলত কমেও এশখন গাঁৱৰ মহিলা আৰু প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী ক্ষতিগ্ৰস্ত হৈছে ।

 
Published by:Tulika Devi
First published: