আকৌ অনিশ্চয়তাই দেখা দিছে উজনিৰ চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ কাম-কাজত। মুখ্যমন্ত্ৰীৰ নিৰ্দেশেও গা লৰাব পৰা নাই পথ নিৰ্মাণকাৰী সংস্থাৰ। যাৰ পৰিণতি এতিয়া ভুগিব লগীয়া হৈছে সৰ্বসাধাৰণ জনতাই।
উল্লেখ্য যে উজনিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ অধীনত যোৰহাটৰ অজন্তা বাইপাছৰ পৰা জাঁজীলৈকে চাৰিলেনযুক্ত পথছোৱাৰ নিৰ্মাণৰ দায়িত্ব প্ৰথমতে লাভ কৰিছিল আইছ'লেক্স নামৰ এটি নিৰ্মাণকাৰী প্ৰতিষ্ঠানে। কিন্তু সামন্য কাম কৰিয়েই উক্ত কোম্পানীটো উধাও হোৱাৰ পাছত গেনন ডাংকাৰলি কোম্পানী এণ্ড প্ৰাইভেট লিমিটেড চমুকৈ জি ডি চি এল(GDCL) নামৰ এটি পথ নিৰ্মাণকাৰী সংস্থাই পুনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰে। জিডিচিএলে উক্ত পথছোৱাৰ নিৰ্মাণৰ উপ ঠিকা প্ৰদান কৰে লিংকন এণ্ড ডিগ্নিটি নামৰ এটা প্ৰতিষ্ঠানক। উল্লেখিত প্ৰতিষ্ঠাটোৱে প্ৰায় ২৫-৩০শতাংশ কাম কৰিয়েই হঠাৎ অন্তৰ্ধান হয়।
ইপিনে এবছৰ পুৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজে চাৰিলেনযুক্ত ঘাইপথ সম্প্ৰসাৰণৰ কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ আহি এন এইচ আই ডি চি এল(NHIDCL) আৰু জিডিচিএলৰ বিষয়ববীয়াক শীঘ্ৰে কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰীক ২০২১ বৰ্ষৰ শেষলৈ সম্পূৰ্ণ কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি দিছিল। কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশনাও গা লৰাব নোৱাৰিলে পথ নিৰ্মাণকাৰী সংস্থাৰ। একপ্ৰকাৰ ঘাইপথৰ মাজত মৰণ ফান্দ পতাৰ দৰে প্ৰকাণ্ড প্ৰকাণ্ড খাল, উন্মুক্ত নলা অথবা মাটিৰ দ'ম এৰি আধাতেই কাম এৰি উধাও হয়।
স্থানীয় ৰাইজে অভিযোগ কৰা মতে- বাৰিষা যিহেতু সমাগত আৰু বাৰিষাৰ বৰষুণত পথ নলা একাকাৰ হ'ব। ৰাইজে যাতায়তৰ নামত দুৰ্ভোগ ভোগাৰ লগতে দুৰ্ঘটনাৰ সম্ভাৱনাও প্ৰবল হৈ পৰিছে। এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে সচেতন ৰাইজে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|