সোমবাৰে পানবজাৰ মহিলা থানাত উপস্থিত হ'ল শিল্পী জুবিন গাৰ্গ।
সোমবাৰে পানবজাৰ মহিলা থানাত উপস্থিত হ'ল শিল্পী জুবিন গাৰ্গ।
সোমবাৰে পানবজাৰ মহিলা থানাত উপস্থিত হ'ল শিল্পী জুবিন গাৰ্গ। জুবিনৰ বিৰুদ্ধে ৰাজ্যিক মহিলা আয়োগে নিজাববীয়াকৈ ৰুজু কৰিছিল গোচৰ। 3/21 নম্বৰৰ গোচৰ সন্দৰ্ভত আৰক্ষী আয়ুক্তক তদন্তৰ নিৰ্দেশ দিছে আয়োগে। আয়োগৰ নিৰ্দেশ মৰ্মে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
তদন্ত কালত সোধা পোছাৰ বাবে জুবিন গাৰ্গক মহিলা থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে আৰক্ষীৰ। আৰু আৰক্ষীৰ নিৰ্দেশ মতে থানাত উপস্থিত হয় শিল্পীগৰাকী। আৰক্ষী থানাত প্ৰায় ১০ মিনিট সময় থাকিবলগীয়া হয় জুবিন গাৰ্গ। কিন্তু থানাৰ পৰা ওলাই আহি জুবিন গাৰ্গে সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থাকে।
উল্লেখ্য যে, অভিনেত্ৰী নিশিতা গোস্বামী আৰু প্ৰস্তুতি পৰাশৰ সন্দৰ্ভত অশ্লীল মন্তব্য দিয়াৰ অভিযোগত মহিলা আয়োগৰ ৰোষত পৰিছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|