বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডোমপাৰাত এক ৰহস্যজনক আত্মহত্যাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঋণৰ বোজা সহিব নোৱাৰি ডোমপাৰা ৱাৰ্ডৰ প্ৰাক্তন সদস্য বিকাশ ৰায়ে আজি ৰাতিপুৱা চিপ লৈ আত্মহত্যা কৰে।
বিকাশৰ এই আত্মহত্যাক লৈ উঠিছে গুৰুতৰ অভিযোগ। আত্মহত্যাৰ অভিযোগ শুনি আপুনিও হ'ব হতভম্ব। অভিযোগ মতে, মাণিকপুৰ গাঁও পঞ্চায়তৰ ডোমপাৰা কমৰগাওঁ প্ৰাক্তন সদস্য বিকাশ ৰায়ে ২০১৪ চনত ডোমপাৰাত এটা চি চি ব্লকৰ ৰাস্তাৰ কামৰ ঠিকা কৰিছিল।
বিভিন্ন ঠাইৰ পৰা ঋণ লৈ প্ৰায় আঠ লাখ কাম কৰি ৰাস্তা নিৰ্মাণ কৰিছিল যদিও বিভাগীয় কৰ্তৃপক্ষই কামৰ টকা আদায় দিয়া নাছিল। সেয়ে উপায়হীন হৈ মাণিকপুৰ গ্ৰামীণ বিকাশ বেংকৰ পৰা ৩.৫০ লাখ টকা লোন লৈ ঋণ পৰিশোধ কৰিছিল।
বেংকৰ লোনৰ কিস্তি পৰিশোধ কৰিব নোৱৰাত পৰৱৰ্তী সময়ত বেংকৰ পৰাও মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছিল। বিকাশৰ আত্মহত্যাৰ কাৰণ মাণিকপুৰ উন্নয়ন খণ্ডৰ বিষয়াৰ লগতে বঙাইগাঁও জিলা প্ৰশাসন বুলি স্থানীয় লোকে অভিযোগ কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|