মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Covid SOP Violation : বেংক কৰ্মচাৰীৰ পৰা জাতীয় সংগঠনৰ নেতালৈ, কোনো সাৰি নগ'ল আৰক্ষীৰ হাতৰ পৰা।

Covid SOP Violation : বেংক কৰ্মচাৰীৰ পৰা জাতীয় সংগঠনৰ নেতালৈ, কোনো সাৰি নগ'ল আৰক্ষীৰ হাতৰ পৰা।

News18 Assam | News18-Assam
Updated:July 9, 2021, 10:28 PM IST
Covid SOP Violation : বেংক কৰ্মচাৰীৰ পৰা জাতীয় সংগঠনৰ নেতালৈ, কোনো সাৰি নগ'ল আৰক্ষীৰ হাতৰ পৰা।
লকডাউনৰ মাজতে হেলমেট পৰিধান নকৰি মটৰ চাইকেল চলোৱা একাংশক আৰক্ষীয়ে ধৰি বিহিলে জৰিমনা ৷ দুঘন্টাত ৩৫ হাজাৰ টকাৰ জৰ?

লকডাউনৰ মাজতে হেলমেট পৰিধান নকৰি মটৰ চাইকেল চলোৱা একাংশক আৰক্ষীয়ে ধৰি বিহিলে জৰিমনা ৷ দুঘন্টাত ৩৫ হাজাৰ টকাৰ জৰ?

  • Share this:
বিশ্বনাথত কোভিডৰ গণ সংক্ৰমণ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে সম্পূৰ্ণ কণ্টেইনমেণ্ট জিলা হিচাবে ঘোষণা কৰিছে বিশ্বনাথক ৷ কিন্তু এতিয়াও গাত কথা লগা নাই একাংশ লোকৰ ৷ কোভিড বিধি উলংঘা কৰি একাংশ লোক ওলাই আহিছে  ঘৰৰ পৰা। সৰু বস্তু এটাকে বিচাৰি মটৰ চাইকেলখন লৈ একাংশ ওলাই আহিছে চহৰ মাজলৈ ৷

কেৱল কোভিড বিধিয়েই নহয় একাংশই এতিয়া  মানিবলৈ এৰি দিলে যান-বাহন আইনো৷ বিশ্বনাথ চাৰিআলিৰ পুলিচ পইণ্টত যান-বাহন আইন অমান্য কৰি  হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেল চলোৱা একাংশক শুকুৰবাৰে আৰক্ষীয়ে ধৰি জৰিমনা বিহে।

বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীত কুমাৰ ৰয়ৰ নেতৃত্বত  হেলমেট নিপিন্ধাকৈ বাইক চলোৱা ব্যক্তিসকলক ৫০০ টকাকৈ জৰিমনা বিহা হয় । বেংক কৰ্মচাৰীৰ পৰা জাতিয় সংগঠনৰ নেতালৈকে কোনো সাৰি নগ'ল আৰক্ষীৰ হাতৰ পৰা ৷ বিয়লি প্ৰায় দুঘণ্টা ধৰি চলা এই অভিযানত  আৰক্ষীয়ে  ৩৫,০০০ টকা জৰিমনা সংগ্ৰহ কৰে।
Published by: Manjumoni Borah
First published: July 9, 2021, 10:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি