নীপকো কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই চিৰকাললৈ বন্ধ হ’ব উমৰাংছুৰ জলবিদ্যুৎ প্ৰকল্প!

২০১৪ চনতে মেৰামতি কৰিবলগীয়া প্ৰকল্পটোৰ মেৰামতি নোহোৱাৰ ফলতে সংঘটিত হ’ল এই বৃহৎ অঘটন।

News18-Assam
Updated:October 10, 2019, 9:20 AM IST
নীপকো কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই চিৰকাললৈ বন্ধ হ’ব উমৰাংছুৰ জলবিদ্যুৎ প্ৰকল্প!
২০১৪ চনতে মেৰামতি কৰিবলগীয়া প্ৰকল্পটোৰ মেৰামতি নোহোৱাৰ ফলতে সংঘটিত হ’ল এই বৃহৎ অঘটন।
News18-Assam
Updated: October 10, 2019, 9:20 AM IST
পুনৰ কাৰ্যক্ষম হৈ উঠাৰ আশা ক্ষীণ উমৰাংছুৰ নীপকো জলবিদ্যুৎ প্ৰকল্প। ২০১৪ চনতে মেৰামতি কৰিবলগীয়া প্ৰকল্পটোৰ মেৰামতি নোহোৱাৰ ফলতে সংঘটিত হ’ল এই বৃহৎ অঘটন। নীপকো কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই উমৰাংছুৰ প্ৰকল্প চিৰকাললৈ বন্ধ হোৱাৰ আশংকাই দেখা দিছে। এতিয়াও পাইপৰ ফুটা অংশৰে অহৰহ নিৰ্গত হৈ আছে পানী। ইতিমধ্যে ৩খন শ্লুইছ গে’ট সম্পূৰ্ণৰূপে খুলি দিয়া হৈছে। যাৰ ফলত হোজাই আৰু কামপুৰত ঘণ্টাত ১০ ছেণ্টিমিটাৰকৈ বৃদ্ধি পাইছে কপিলীৰ জলপৃষ্ঠ। অৱশ্যে এতিয়াও বিপদসীমাৰ ২ মিটাৰ তলেৰে বৈ আছে কপিলীৰ পানী।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি