আলফাৰ সকীয়নী– ‘এনে কাণ্ডৰ পুনৰাবৃত্তি কৰিলে আমি কঠোৰ শাস্তি দিবলৈ বাধ্য হম’

আলফা(স্বা)ৰ পৰা আছু, অসম সাহিত্য সভালৈকে সকলোৱে একেমুখে ধিক্কাৰ দিলে ডাঃ দেৱেন দত্তৰ হত্যাকাণ্ডক

News18-Assam
Updated:September 4, 2019, 10:26 PM IST
আলফাৰ সকীয়নী– ‘এনে কাণ্ডৰ পুনৰাবৃত্তি কৰিলে আমি কঠোৰ শাস্তি দিবলৈ বাধ্য হম’
আলফা(স্বা)ৰ পৰা আছু, অসম সাহিত্য সভালৈকে সকলোৱে একেমুখে ধিক্কাৰ দিলে ডাঃ দেৱেন দত্তৰ হত্যাকাণ্ডক
News18-Assam
Updated: September 4, 2019, 10:26 PM IST
চাহ বাগিচাৰ উন্মাদ শ্ৰমিকৰ নৃশংসতাৰ বলি হৈ মৃত্যুক সাৱটিলে টীয়ক চাহ বাগিচাৰ চিকিৎসক ডাঃ দেবেন দত্তই। দত্তৰ মৃত্যুত সমগ্ৰ ৰাজ্য জুৰি গভীৰ শোকৰ ছাঁ পৰাৰ লগতে সকলোৱে মানুহ ৰূপী দানৱৰ দলটোক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে।

চিকিৎসকগৰাকীক হত্যা কৰা ঘটনাৰ এতিয়া উচিত তদন্ত বিচাৰিছে ৰাজ্যৰ বহুকেইটা দল সংগঠনে। লগতে হত্যাকাৰী দলটোক কঠোৰ শাস্তিৰ দাবী জনাইছে।

দেৱেন দত্তৰ হত্যাকাণ্ডক একেমুখে ধিক্কাৰ দিছে আলফা(স্বাধীন), আছু, অসম সাহিত্য সভা, আমছুকে ধৰি বহু কেইটা দল সংগঠনে।

আলফাই এনে ধৰণৰ ঘটনাৰ পুণৰাবৃত্তি কৰিলে পৰিস্থিতি ভয়াৱহ হ’ব বুলি সকীয়াই দিয়ে।

সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ সকলো চিকিৎসকৰ নিৰাপত্তা সু নিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।


ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰে অসম সাহিত্য সভাই। লগতে মৃতকৰ পৰিয়াললৈ ২০ লাখ টকা ক্ষতি পূৰণ দিয়াৰ আহ্বান জনাই সাহিত্য সভাই।




 
আৰু চাওক পৰৱৰ্তী বাতৰি