মুখ্যপৃষ্ঠা »খবৰ »অসম »ঘৰমুৱা হ'ল ONGCৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়া, শনিবাৰে পুৱা আলফা(স্বা)-এ কৰি দিলে মুকলি

ঘৰমুৱা হ'ল ONGCৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়া, শনিবাৰে পুৱা আলফা(স্বা)-এ কৰি দিলে মুকলি

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত শৰ্মাই সংবাদমেল সম্বোধন কৰি ৰিতুলই শইকীয়াক মুকলি কৰি দিবলৈ পৰেশ বৰুৱাক আহ্বান জনাইছিল।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত শৰ্মাই সংবাদমেল সম্বোধন কৰি ৰিতুলই শইকীয়াক মুকলি কৰি দিবলৈ পৰেশ বৰুৱাক আহ্বান জনাইছিল।

  • Share this:
অৱশেষত ONGCৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক মুকলি কৰি দিলে আলফা(স্বাধীন)-ই। শনিবাৰে পুৱা ৭ বজাত ভাৰত-ম্যানমাৰৰ মন জিলাৰ লংৱাত মুকলি কৰি দিলে ৰিতুল শইকীয়াক। ৰিতুল শইকীয়াই আজি পুৱা ৭ বাজি ১০ বজাত ভাৰতত প্ৰৱেশ কৰে।

উল্লেখ্য যে, তিনিদিন পূৰ্বে ৰিতুল শইকীয়াক মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছিল আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই। যোৱা ২১ এপ্ৰিলৰ নিশা লাকুৱা তৈল ক্ষেত্ৰৰ পৰা অপহৰণ কৰিছিল ৰিতুল শইকীয়াক।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত শৰ্মাই সংবাদমেল সম্বোধন কৰি ৰিতুলই শইকীয়াক মুকলি কৰি দিবলৈ পৰেশ বৰুৱাক আহ্বান জনাইছিল। আনকি ৰিতুল শইকীয়াৰ কণমানি সন্তানক দেখিলে পৰেশ বৰুৱাৰো চকুপানী ওলাব বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ অনুৰোধৰ পিছতে পৰেশ বৰুৱাই পৰৱৰ্তী এশ ঘণ্টাৰ ভিতৰত ৰিতুল শইকীয়া স্ব-গৃহ পাবহি বুলি জনািছিল।

ৰিতুল শইকীয়াৰ মুক্তিৰ পিছতে এতিয়া আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ  জনাইছে ৰিতুল শইকীয়াৰ পৰিয়ালে।

শেহতীয়া বাতৰি