৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰকলৈ প্ৰতিক্ৰিয়া আলফা(স্বা)ৰ! স্বাধীনতা দিৱস বৰ্জন কৰিবলৈও জনালে আহ্বান

স্বাধীনতা দিৱস বৰ্জন কৰি ১৫ আগষ্টৰ দিনটো সাধাৰণ সত্যাগ্ৰহ হিচাপে পালনৰ আহ্বান আলফা স্বাধীনৰ

News18-Assam
Updated:August 11, 2019, 6:35 PM IST
৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰকলৈ প্ৰতিক্ৰিয়া আলফা(স্বা)ৰ! স্বাধীনতা দিৱস বৰ্জন কৰিবলৈও জনালে আহ্বান
Source-Google
News18-Assam
Updated: August 11, 2019, 6:35 PM IST
জম্মু–কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিলৰ প্ৰসংগত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনে। এক বিবৃতি যোগে নিষিদ্ধ ঘোষিত সংগঠনটোৱে  জম্মু–কাশ্মীৰৰ জনগণৰ মতামতৰ অবিহনেই কেন্দ্ৰীয় চৰকাৰে নিজৰ খেয়াল খুচি অনুসৰি এনে সিদ্ধান্ত লোৱাত তীব্ৰ বিৰোধিতা কৰাৰ লগতে এই সিদ্ধন্তক দিল্লীৰ গণতান্ত্ৰীক প্ৰমূল্যবোধৰ ওপৰত আঘাত বুলি মন্তব্য কৰে সংগঠনটোৱে।

লগতে নিষিদ্ধ ঘোষিত সংগঠনটোৱে  ৰাজ্যবাসীক আগন্তুক স্বাধীনতা দিৱস বৰ্জন কৰিবলৈও আহ্বান জনায়। ১৫ আগষ্টৰ দিনটোত সাধাৰণ সত্যাগ্ৰহ হিচাপে পালনৰ আহ্বান সংগঠনটোৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি