• Home
  • »
  • News
  • »
  • assam
  • »
  • '২১ৰ নিৰ্বাচনৰ পূৰ্বে ভয়ংকৰ এম্বুছৰ ব্লুপ্ৰিণ্ট ULFA-Iৰ; সহযোগ কৰিব NSCN-K, UNLF আৰু PLAএ

'২১ৰ নিৰ্বাচনৰ পূৰ্বে ভয়ংকৰ এম্বুছৰ ব্লুপ্ৰিণ্ট ULFA-Iৰ; সহযোগ কৰিব NSCN-K, UNLF আৰু PLAএ

কেইবা মাহৰ বিৰতিৰ অন্তত পুনৰ ভয়ংকৰ এম্বুছ কৰিলে ULFA-Iএ ৷ সহযোগ কৰিলে NSCN-K আৰু PLAএ ৷

কেইবা মাহৰ বিৰতিৰ অন্তত পুনৰ ভয়ংকৰ এম্বুছ কৰিলে ULFA-Iএ ৷ সহযোগ কৰিলে NSCN-K আৰু PLAএ ৷

কেইবা মাহৰ বিৰতিৰ অন্তত পুনৰ ভয়ংকৰ এম্বুছ কৰিলে ULFA-Iএ ৷ সহযোগ কৰিলে NSCN-K আৰু PLAএ ৷

  • Share this:
কেইবা মাহৰ বিৰতিৰ অন্তত পুনৰ ভয়ংকৰ এম্বুছ কৰিলে ULFA-Iএ ৷ সহযোগ কৰিলে NSCN-K আৰু PLAএ ৷ আছাম ৰাইফলছৰ ওপৰত ম্যানমাৰৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰৰ হেটলং বস্তিত কৰা এম্বুছটো আছিল অতি ভয়ংকৰ ৷

১১নং আছাম ৰাইফলছৰ পানী কঢ়িওৱা গাড়ীৰ ওপৰত তিনিটা বিদ্ৰোহী সংগঠনৰ যৌথ এম্বুছকাৰীয়ে কৰা আক্ৰমণত ঘটনাস্থলীতে নিহত হয় এজন জোৱান ৷ লগতে বহুকেইটা গুলীৰে গুলীবিদ্ধ হয় আন এজন জোৱান ৷ তথ্য মতে, প্ৰথমে এম্বুছকাৰীয়ে IEDৰে চলাইছিল আক্ৰমণ ৷ তাৰ পিছতেই AK চিৰিজৰ ৰাইফলৰে চলাইছিল ধাৰাসাৰ গুলী ৷

এই এম্বুছৰ দায়িত্ব সোমবাৰে এক প্ৰেছ বিবৃতিৰ জৰিয়তে স্বীকাৰ কৰিছে ULFA-I, NSCN-K আৰু RPFৰ সশস্ত্ৰ গোট PLAএ ৷ সংগঠন তিনিটাৰ হৈ ULFA-Iএ প্ৰেৰণ কৰা বিবৃতিত দাবী কৰা হৈছে যে, দেওবাৰৰ এম্বুছত দুজন জোৱান ঘটনাস্থলীতে নিহত হয় আৰু বহুকেইজন গুৰুতৰভাৱে আহত হয় ৷

এই এম্বছৰ পিছতে সমগ্ৰ অঞ্চলটোতে আছাম ৰাইফলছ আৰু ভাৰতীয় সেনা বাহিনীয়ে হেলিকপ্টাৰৰ সহায়ত অভিযান আৰম্ভ কৰে যদিও কোনো এজন এম্বুছকাৰীক কৰায়ত্ত কৰিব পৰা নাই ৷

ইপিনে চোৰাংচোৱাৰ এক সুত্ৰই সদৰি কৰা মতে, ২০২১ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে অনুৰূপ এম্বুছ সংঘটিত কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে ULFA-Iএ ৷ এইক্ষেত্ৰত ULFA-Iক সহযোগ কৰিব NSCN-K, UNLF আৰু PLAএ ৷ সংগঠন কেইটাই নিজ শক্তি প্ৰদৰ্শনৰ বাবেই এনেদৰে ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে বুলি সদৰী কৰে চোৰাংচোৱাৰ সুত্ৰই ৷
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি