মুখ্যপৃষ্ঠা » খবৰ

» অসম

»'পৰেশ বৰুৱা ডেজিগনেটেড কেম্পত থাকিবলৈ নাহে'- আলফা-চৰকাৰৰ আলোচনা ফলপ্ৰসূ কৰাৰ আহ্বান আলোচনাপন্থী আলফা নেতা প্ৰাণজিৎ শইকীয়াৰ

'পৰেশ বৰুৱা ডেজিগনেটেড কেম্পত থাকিবলৈ নাহে'- আলফা-চৰকাৰৰ আলোচনা ফলপ্ৰসূ কৰাৰ আহ্বান আলোচনাপন্থী আলফা নেতা প্ৰাণজিৎ শইকীয়াৰ

News18 Assam | News18-Assam
Updated:September 17, 2021, 3:03 PM IST
'পৰেশ বৰুৱা ডেজিগনেটেড কেম্পত থাকিবলৈ নাহে'- আলফা-চৰকাৰৰ আলোচনা ফলপ্ৰসূ কৰাৰ আহ্বান আলোচনাপন্থী আলফা নেতা প্ৰাণজিৎ শইকীয়াৰ
আলোচনা ফলপ্ৰসূ কৰক! প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ আলোচনাপন্থী আলফা নেতাৰ কাতৰ আহ্বান।

আলোচনা ফলপ্ৰসূ কৰক! প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ আলোচনাপন্থী আলফা নেতাৰ কাতৰ আহ্বান।

  • News18 Assam
  • Last Updated: September 17, 2021, 3:03 PM IST
  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনটোত আলফাৰ সৈতে আলোচনা ফলপ্ৰসূ কৰিবলৈ আহ্বান জনালে ২০১১ চনৰে পৰা আলোচনাৰ মেজত থকা আলফাৰ জ্যেষ্ঠ নেতা প্ৰাণজিৎ শইকীয়াই ৷ পূৰ্বৰ চৰকাৰৰ তুলনাত BJP চৰকাৰে উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠনসমূহৰ সৈতে আলোচনা ত্বৰান্বিত কৰি চুক্তিত স্বাক্ষৰ কৰাৰ সময়ত আলফাৰ সৈতেও প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই প্ৰাণজিৎ শইকীয়াই ৷

পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ সৈতেও মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আলোচনাৰ পথ প্ৰশস্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এইক্ষেত্ৰত পৰেশ বৰুৱায়েও ইতিবাচক সঁহাৰি জনাই প্ৰথমে তিনি মাহৰ বাবে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰি পিছত পুনৰ তিনি মাহলৈকে যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি কৰিছে।

পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ সৈতে আলোচনাৰ ইতিবাচক অগ্ৰগতিৰ সময়তে আলোচনাৰত আলফাৰ জ্যেষ্ঠ নেতা প্ৰাণজিৎ শইকীয়াই আন এক দাবী কৰিছে ৷ শইকীয়াৰ দাবী- “ডেজিগনেটেড কেম্পত থাকি পৰেশ বৰুৱাই আলোচনা কৰিবলৈ নাহে ৷”

ইপিনে BJPয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন ২০ দিনীয়াকৈ পালন কৰাৰ সময়ত আলফা নেতা প্ৰাণজিৎ শইকীয়াই প্ৰধানমন্ত্ৰী মোদীক দুদিনীয়াকৈ অসম ভ্ৰমণ কৰিবলৈ আহ্বান জনায় ৷
Published by: Himangshu Bhuyan
First published: September 17, 2021, 3:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি