ৰাজ্যৰ কোভিড পৰিস্থিতি তথা আন বিষয়ক লৈ আজি মুখ্যমন্ত্ৰী ড০ শৰ্মাই সম্বোধন কৰা সংবাদমেলৰ পিছতে News18লৈ ফোন কৰে আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই। সেনাধ্যক্ষগৰাকীয়ে ফোনতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰা দেখা যায়। পৰেশ বৰুৱাই কয়– হিমন্ত বিশ্ব শৰ্মা প্ৰথমজন মুখ্যমন্ত্ৰী, যি দায়িত্বশীলভাৱে ৰাইজৰ দাবীক গুৰুত্ব দিছে৷ OIL-ONGC-NRLৰ পৰা পোৱা ৰাজহৰ কথা ৰাজহুৱা কৰিছে৷ আমি তেওঁৰ ঘোষণা আৰু দায়িত্বশীল মন্তব্যত সন্তুষ্ট আৰু ৰাইজো সন্তুষ্ট৷ চাকৰি বিচাৰি হায়ৰাণ হৈ থকা যুৱক-যুৱতীসকলে আশাৰ ৰেঙনি দেখিব৷ মুখ্যমন্ত্ৰীয়ে নিজে যিহেতু দায়িত্ব লৈছে, ৰিতুল শইকীয়াক দুই-এদিনৰ ভিতৰতে ঘৰলৈ পঠোৱাৰ ব্যৱস্থা আমি কৰিম৷'
উল্লেখ্য আজি সংবাদমেলত অ'এনজিচিৰ অপহূত বিষয়া ৰিতুল শইকীয়াৰ মুক্তিৰ প্ৰসংগ ওলাইছিল। এই প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে আলফাক অনুৰোধ জনাই কৈছিল– 'মই অতি বিনয়েৰে পৰেশ বৰুৱাক অনুৰোধ জনাইছোঁ ৰিতুলক মুকলি কৰি দিয়ক৷ OIL, ONGCক দিয়া চৰ্ত মনাৰ ক্ষেত্ৰত কৰিবলৈ আছে৷ তৈলক্ষেত্ৰ কোম্পানী তিনিটাৰ পৰা অসমে বছৰি ১৪ হাজাৰ কোটি টকা লাভ কৰো৷ VAT, GST হিচাপত এই টকা পাওঁ। OIL-ONGCৰ লগত কথা পাতি লাভ নাই৷ এইবাৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কথা পাতি অসমৰ বাবে বেছি কাম আদায় কৰাম৷ এই দায়িত্ব মোৰ ওপৰত এৰি দিয়ক।' ,
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।