মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ULFA-Iৰ সহকাৰী সাংগঠনিক সম্পাদকৰ আত্মসমৰ্পণ, এটা দশক অসমতে কৰি আছিল আত্মগোপন

ULFA-Iৰ সহকাৰী সাংগঠনিক সম্পাদকৰ আত্মসমৰ্পণ, এটা দশক অসমতে কৰি আছিল আত্মগোপন

News18 Assam | News18-Assam
Updated:July 10, 2020, 4:37 PM IST
ULFA-Iৰ সহকাৰী সাংগঠনিক সম্পাদকৰ আত্মসমৰ্পণ, এটা দশক অসমতে কৰি আছিল আত্মগোপন
১৯৯৭ চনত আলফাত যোগদান কৰা সাগৰ তপ্নই বিগত এটা দশক অসমতে আত্মগোপন কৰি সংগঠনৰ কাম কৰি আহিছিল

১৯৯৭ চনত আলফাত যোগদান কৰা সাগৰ তপ্নই বিগত এটা দশক অসমতে আত্মগোপন কৰি সংগঠনৰ কাম কৰি আহিছিল

  • Share this:
বৃহস্পতিবাৰে নিশা আৰক্ষীৰ জালত পৰে আলফা স্বাধীনৰ সহকাৰী সাংগঠনিক সম্পাদক সাগৰ তপ্ন ওৰফে খগেন বৰা। লগে লগে সাগৰ তপ্ন ওৰফে খগেন বৰাই আত্মসমৰ্পণ কৰে বিশ্বনাথ চাৰিআলিৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ ওচৰত ৷ এই কথা জনাইছে অসম আৰক্ষীৰ এক শীৰ্ষ সুত্ৰই ৷ এটা পিষ্টল আৰু ৮ জাই গুলীসহ আলফা স্বাধীনৰ নেতাজনে আত্মসমৰ্পণ কৰে ৷ আত্মসমৰ্পণৰ পিছত শুকুৰবাৰে তেওঁক কভিড১৯ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে বিশ্বনাথ আৰক্ষীৰ ৷

১৯৯৭ চনত আলফাত যোগদান কৰা সাগৰ তপ্নই বিগত এটা দশক অসমতে আত্মগোপন কৰি সংগঠনৰ কাম কৰি আহিছিল ৷ বহিঃৰাষ্ট্ৰত থকা সংগঠনৰ মুখ্যসেনাধ্যক্ষ পৰেশ বৰুৱাৰ লগতহে যোগাযোগত থকা সাগৰ তপ্নই দীৰ্ঘদিন ধৰি বিদেশ ভ্ৰমণ কৰা নাছিল বুুলি জানিব পৰা যায় ৷
Published by: Himangshu Bhuyan
First published: July 10, 2020, 4:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি