‘জাতি বচাবলৈ হলে এতিয়া প্ৰতিজন খিলঞ্জীয়া অসমীয়া টোপনিৰ পৰা জাগক, ৭১/৫১ কৰি এতিয়া লাভ নাই’

আলোচনা পন্থী আলফা নেতা জিতেন দত্তই অসমীয়া জাতি  উদ্ধাৰৰ বাবে ফেচবুকৰ জৰিয়তে বিশেষ কিছু পৰামৰ্শ আগবঢ়াইছে

News18-Assam
Updated:September 1, 2019, 12:16 PM IST
‘জাতি বচাবলৈ হলে এতিয়া প্ৰতিজন খিলঞ্জীয়া অসমীয়া টোপনিৰ পৰা জাগক, ৭১/৫১ কৰি এতিয়া লাভ নাই’
Source-Google
News18-Assam
Updated: September 1, 2019, 12:16 PM IST
প্ৰকাশ পালে বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। কিন্তু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পিছতে এতিয়া তুংগত উঠিছে বিতৰ্ক। বহুতে নাগৰিক পঞ্জীত বৃহৎ সংখ্যক বিদেশীৰ নাম সন্নিৱিষ্ট হ’ল বুলি অভিযোগ তুলিছে। আছু, APW –এ উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হোৱাৰো হুংকাৰ দিছে।

তেনে সময়তে অসমীয়া জাতিৰ বিপদৰ সময়ত আলোচনা পন্থী আলফা নেতা জিতেন দত্তই অসমীয়া জাতি  উদ্ধাৰৰ বাবে ফেচবুকৰ জৰিয়তে বিশেষ কিছু পৰামৰ্শ আগবঢ়াইছে।

১/  সকলো খিলঞ্জীয়াই বহিৰাগতক মাতি বিক্ৰী কৰাটো কঠোৰ ভাবে বন্ধ কৰক বা বাধা আৰোপ কৰক ৷

২/ খিলঞ্জীয়াৰ যিবোৰ ভূমি আগতে সন্দেহযুক্ত বাংলাদেশীক খেতি কৰিবলৈ আধিত দিছিল সেইবোৰৰ নিজৰ হাতলৈ আনক ৷
৩/ বৰপেটাৰ সত্ৰৰ যিবোৰ ভূমি মিঞাই দখল কৰি আছে সেইবোৰ দখলমুক্ত কৰো ব’লক৷
৪/ জন্ম নিয়ন্ত্ৰণৰ বাবে এখন কঠোৰ আইন বনাবলৈ সকলোৱে চৰকাৰৰ ওচৰত দাবী উৎত্থাপন কৰক৷ ই অতি জৰুৰী৷
৫/ আহক আমি সিদ্ধান্ত লওঁযে আজিৰ পৰা কোনো সন্দেহযুক্ত শ্ৰমিকক( NRC নাম থাকিলেও) কামত নলগাও বা কাকো লগাব নিদিও৷

৬/ অসমৰ চৰ চাপৰিত যিবোৰ মাটি দখল কৰি আছে সেইবোৰ দখলমুক্ত কৰিবলৈ চৰকাৰক দাবী জনোৱা হওক৷
৭/নিজৰ প্ৰয়োজনীয় সামগ্ৰী নিজে উংপাদন কৰিম নহ’লে লঘুনে থাকিম এই নীতিৰে অৰ্থনৈতিক সংগ্ৰাম খনত প্ৰতিজন যুবক জপিয়াই পৰক৷
৮/চৰ চাপৰিত সন্দেহযুক্ত লোক সকলে উৎপাদন কৰা কোনো ধৰনৰ শাক পাছলি ক্ৰয় নকৰো এই সংকল্প লওক৷
গতিকে এতিয়া এনে ধৰণৰ সিদ্ধান্ত যদি খিলঞ্জীয়া অসমীয়াই নলয় তেন্তে জাতি নাবাচে, ই ধুৰুপ৷! ৭১/৫১ কৰি এতিয়া লাভ নাই৷

 

‘ জিতেন দত্তৰ ফেচবুক ৱালৰ পৰা’

 
আৰু চাওক পৰৱৰ্তী বাতৰি