কোভিড-১৯ত আক্ৰান্ত আলফাৰ জ্যেষ্ঠ তথা বৰ্ষীয়ান নেতা জীৱন মৰাণক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা অসম চিকিৎসা মহাবিদ্যালয়ৰ কোভিড ৱাৰ্ডত ভৰ্তি কৰোৱা হয় । যোৱা মঙলবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত আলফা নেতা জীৱন মৰাণসহ ৫২জন কয়দী একেলগে কোভিডত আক্ৰান্ত হৈছিল। মঙলবাৰৰ পৰা চিকিৎসা মহাবিদ্যালয়ৰ এটা চিকিৎসকৰ দলে কাৰাগাৰৰ ভিতৰতে আইছ'লেচনত থকা জীৱন মৰাণসহ অন্যান্যসকলৰ চিকিৎসা কৰি আছিল।
শেহতীয়াকৈ আলফা নেতা জীৱন মৰাণৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ কোভিড ৱাৰ্ডত ভৰ্তি কৰিবলগীয়া হয় । উল্লেখ্য যে ডিব্ৰুগড় আৰক্ষীয়ে ২০১৯ চনতে পঞ্জীভুক্ত হৈ থকা এটা গোচৰত গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। যোৱা ১৮ মে'ত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কোভিড পৰীক্ষাৰ সময়ত আলফাৰ জ্যেষ্ঠ নেতাজনৰ লগতে মুঠ ৫২ জন কোভিডত আক্ৰান্ত হৈছিল।
সুদীৰ্ঘ প্ৰায় চাৰিটা দশক আলফাত থকা আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সোঁহাত স্বৰূপ জীৱন মৰাণক জীৱনৰ বাকী সময়ছোৱাত পৰিয়ালৰ স'তে কটাবৰ বাবেই আলফা স্বাৰ্ধীনৰ পৰা অব্যাহতি দিছিল যদিও ডিব্ৰুগড়ৰ চৌকিডিঙীৰ বিশাল কুমাৰ মিশ্ৰ নামৰ এজন ব্যৱসায়ীক ২০ লাখ টকা ধন দাবী সন্দৰ্ভত থকা এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে । ভাৰতীয় দণ্ডবিধিৰ 387/ IPC r/w Section 66(D) IT act আৰু অতিৰিক্তভাৱে 66(F)(I)(a) IT ধাৰাৰ অধীনত 1197/2019 নং গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল আলফাৰ নেতাজনক ।এসময়ৰ আলফাৰ মেজৰ জেনেৰেল তথা বিত্ত সম্পাদক জীৱন মৰাণে ১৯৮৪ চনত স্বাধীন অসমৰ সপোন দেখি ঘৰৰ পৰা ওলাই গৈছিল ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|