পৰেশ বৰুৱা নেতৃত্বাধীন ULFA-I লৈ এজনৰ পিছত এজনকৈ যুৱক অথবা যুৱতীৰ সোঁত বৈছে ৷ চলিত সপ্তাহতে পাঁচতকৈ অধিক যুৱকে নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠনটোত যোগ দিবলৈ অসম এৰিছে ৷ ইতিমধ্যে গৈ ম্যানমাৰৰ ULFA-Iৰ প্ৰশিক্ষণ শিবিৰত উপস্থিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷
বিগত সাত মাহৰ তথ্য অনুসৰি, প্ৰায় আঢ়ৈশ যুৱক-যুৱতীয়ে স্বাভাৱিক জীৱন যাত্ৰা ত্যাগ কৰি ULFA-Iত যোগ দিছেগৈ ৷ পৰিসংখ্যাগত দিশত হিচাপ কৰিলে নতুন সদস্য হিচাপে ULFA-Iত যোগ দিয়াসকলৰ ভিতৰত আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ, আৰক্ষী জোৱান, ক্ষুদ্ৰ ব্যৱসায়ী, ব্যক্তিগত খণ্ডত কৰ্মৰত কৰ্মচাৰী আদি ৷ সাধাৰণতে উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়.শিৱসাগৰ আৰু যোৰহাটৰ একাংশ যুৱক-যুৱতীয়ে নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠনটোত যোগ দিয়াৰ এক পৰিক্ৰমা বিগত এটা দশকত দেখা গৈছিল ৷
শেহতীয়াকৈ উজনি অসমৰ লগতে মধ্য অসম আৰু নামনি অসমৰ যুৱক-যুৱতীও পৰেশ বৰুৱা নেতৃত্বাধীন ULFA-Iত যোগ দিয়া আৰম্ভ কৰিছে ৷ উত্তৰ অসমৰ পৰাও একাংশ যুৱক-যুৱতীও যোগ দিছে সংগঠনটোত ৷
মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাই বিগত দহ মে'ত শপত গ্ৰহণ কৰিয়েই মুকলিভাৱে পৰেশ বৰুৱাক বিনম্ৰতাৰে সন্মানজনক আলোচনাৰ মেজলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনাইছিল ৷
মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আহ্বানক সঁহাৰি জনাই পৰেশ বৰুৱায়ো কোভিডৰ দোহাই দি প্ৰথমবাৰৰ বাবে একপক্ষীয়ভাৱে তিনি মাহৰ যুদ্ধবিৰতি ঘোষণা কৰে ৷ এই সময়ছোৱাত ULFA-I সকলো ধৰণৰ অভিযানৰ পৰা বিৰত থাকিব বুলিও ঘোষণা কৰে ৷ এই যুদ্ধবিৰতিৰ ম্যাদ পৰৱৰ্তী কালত তিনি মাহ তিনি মাহকৈ দুবাৰ বৃদ্ধি কৰিছিল পৰেশ বৰুৱাই ৷
পিছে ১৪ ফেব্ৰুৱাৰীত ম্যাদ উকলি যোৱা একপক্ষীয় যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰা নাই পৰেশ বৰুৱা নেতৃত্বাধীন ULFA-Iয়ে ৷ অৱশ্যে এই পৰ্যন্ত কোনো সামৰিক অভিযান চলোৱা নাই ULFA-Iয়ে ৷
সামৰিক অভিযান আৰম্ভ নকৰিলেও কিন্তু বিগত চাৰি দশকজোৰা ইতিহাসক পুনাৰবৃত্তি ঘটাই যোগ দি আছে নতুন নতুন সদস্যই ৷
নতুন সদস্য ভৰ্তিৰ সন্দৰ্ভত বিগত ২০ মাৰ্চত ULFA-Iৰ প্ৰচাৰ বিভাগে এক বিবৃতিযোগে এনেদৰে কয়- “ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ ভেৰোণীয়া বাহিনী আৰু অসম আৰক্ষীয়ে পৰিকল্পিতভাৱে অসমৰ একাংশ স্বাধীনতাকামী নিৰীহ যুৱক–যুৱতীক আলফা (স্বাধীন]ৰ যোগাযোগকাৰী (লিংকমেন) সজাই গ্ৰেপ্তাৰ কৰি তেখেতসকলৰ স্বাধীনতা স্পৃহাক কলিতে মষিমূৰ কৰিব পাৰিম বুলি যদি ভাবিছে তেন্তে তেওঁলোকে আকাশত চাং পাতিবলৈ ওলাইছে। ঔপনিৱেশিক ৰাষ্ট্ৰ পক্ষক আমি "সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনে প্রত্যাহ্বন জনাইছোঁ- অসম-ভাৰতৰ ৰাজনৈতিক সংঘাতৰ সঠিক মূল্যায়ন তথা আকাংক্ষিত লক্ষ্যত উপনীত নোহোৱা পর্য্যন্ত “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)" সংগঠনৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট আৰু অনুপ্রাণিত হৈ জাকে জাকে মুক্তিকামী যুৱক-যুৱতীয়ে ইয়াৰ অংশীদাৰি হ’বলৈ আহিয়েই থাকিব। হেজাৰ ভয়-ভীতি, কূট-কৌশল প্রয়োগ কৰিও এই পথ ৰুদ্ধ কৰিব নোৱাৰে।”
ULFA-Iলৈ যুৱক-যুৱতীৰ সোঁত বোৱাক লৈ ULFAৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়া ওৰফে গোলাপ বৰুৱাই NEWS18ক এনেদৰে ক'লে- “সংগঠন যেতিয়ালৈ থাকিব, তেতিয়ালৈ ল'ৰা-ছোৱালী গৈয়ে থাকিব ৷ আমাৰ সৈতে আলোচনা চলি আছে যদিও কোনো সমাধান হোৱা নাই ৷ সাম্প্ৰতিক সময়ত ৰাজ্যত হোৱা নিবনুৱা সমস্যা আৰু সমাজ ব্যৱস্থাক লৈ শংকিত হৈ বহু ল'ৰা-ছোৱালীয়ে সংগঠনলৈ গৈছে ৷ আৱেগত যোৱাসকল বেছি দিন থাকিব নোৱাৰে ৷ সুযোগ পালেই পলাই আহি আত্মসমৰ্পণ কৰিব ৷ বাকী যিসকলৰ মনত জাতিপ্ৰেম আছে, সেই সকলেহে সংগঠনত টিকি থাকিব পাৰিব ৷ আলফাতেই বেছি আত্মসমৰ্পণ হৈছে ৷ ইতিহাসে তাকেই কয় ৷”
ইপিনে ULFA আৰু ভাৰত চৰকাৰৰ মাজত আলোচনাৰ বাবে ULFAই ২০০৫ চনৰ ৮ ছেপ্টেম্বৰত গঠন কৰা পিপলছ কনছাল্টেটিভ গ্ৰুপ, চমুকৈ PCGৰ অন্যতম সদস্য হিৰণ্য শইকীয়াই আগবঢ়ালে বিশ্লেষণ ৷ News18ৰে হোৱা বাৰ্তালাপত পূৰ্বৰ PCG সদস্য হিৰণ্য শইকীয়াই ক'লে- “৪২ বছৰ পূৰ্বে জন্ম হৈছিল আলফাৰ ৷ সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ হোৱাৰ মূলতে আছিল বিদেশীৰ আগ্ৰাসন ৷ বিদেশীৰ আগ্ৰাসনৰ বাবে অসমীয়া তথা খিলঞ্জীয়া মানুহে মাটি হেৰুৱাইছো, political space আমি হেৰুৱাইছোঁ, নিজৰ ঠাইতে আমি সংখ্যালঘু হৈছোঁ ৷ সংখ্যালঘু হৈ যোৱাৰ ভয়, শংকা এটা কাৰণ ৷ আনহাতে আমাৰ ইমান প্ৰাকৃতিক সম্পদ থকাৰ পিছতো আমি অৰ্থনৈতিকভাৱে পিছপৰা । ভাৰতৰ ৫০ শতাংশ তেল অসমে দিয়াৰ পিছতো আমাৰ অৰ্থনৈতিক উন্নয়ন নাই। সেইটোও এটা কাৰণ ৷”
এনেদৰে নিজৰ বিশ্লেষণ আগবঢ়াই শইকীয়াই পুনৰ ক'লে- “অসমত অসমীয়া মানুহ সংখ্যালঘু হৈ যোৱাৰ ভয়-শংকাই আলফাৰ movement জীয়াই ৰাখিছে ৷ কেন্দ্ৰই যেতিয়া আমাক আমাৰ সম্পদ, মাটিৰ সুৰক্ষা নিদিয়ে তেতিয়ালৈকে যুৱক-যুৱতী আলফালৈ যোৱা ধাৰাটো অব্যাহত থাকিব ৷ সশস্ত্ৰ বিদ্ৰোহ হোৱাৰ বাবেহে কেন্দ্ৰৰ চকু পৰিছে, উন্নয়নৰ কথা চিন্তা কৰিছে বৰ্তমান সময়ত ৷”
BJPৰ বিধায়ক দিগন্ত কলিতায়ো এই বিষয়ত নিজৰ মতামত প্ৰকাশ কৰিলে ৷ দিগন্ত কলিতাই ক'লে- “আলফালৈ যুৱক–যুৱতী কিয় যাব লাগে? পৰেশ বৰুৱা নিজেই মূলসুঁতিলৈ আহিব খুজিছে ৷ আলোচনা চলিয়েই আছে এটা পৰ্যায়ত ৷ আজিৰ যুৱক-যুৱতীয়ে হাতত অস্ত্ৰৰ সলনি কলম তোলক, খেতি কৰক, স্বাৱলম্বী হওক ৷”
Published by: Gautam Barman
FIRST PUBLISHED : March 24, 2022, 19:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।